গভীৰ জ্ঞানৰ পৰিচায়ক।
এজন অধ্যক্ষ হিচাবে তেওঁ আছিল এজন সুদক্ষ প্ৰশাসক। সকলো
পৰিবেশ, সকলো পৰিস্থিতি সহজভাৱে ল’ব পৰা, কোনো কথাতে কেতিয়াও
উত্তেজিত নোহোৱা, শিষ্টাচাৰ, মিষ্টভাষিতা ইত্যাদি তেওঁৰ চৰিত্ৰৰ অন্যতম।
বৈশিষ্ট্য। স্কুলখনৰ এশ এটা সমস্যা, ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ
বিভিন্ন অভিযোগ আদি সদায় আলোচনাৰ জৰিয়তে তেওঁ সমাধান কৰিবলৈ
বিচাৰিছিল। স্কুলখনৰ উন্নতিৰ বাবে কিবা কৰাৰ অহৰহ প্ৰচেষ্টাত তেওঁৰ মন
ব্ৰতী আছিল।
বৈশ্য ছাৰ এজন সুবক্তা আছিল। যিকোনো বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰি, তাক যথাযথ শব্দৰে সজাই সুন্দৰভাৱে প্ৰকাশ কৰিব পৰাটো তেওঁৰ কৃতিত্ব আছিল। তেওঁৰ বক্তৃতাই শুনোতাক আকৃষ্ট কৰাৰ উপৰি চিন্তাৰ খোৰাক যোগাইছিল। সেয়ে দূৰ-দূৰণিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও বিভিন্ন মেল-মিটিঙত নিৰ্দিষ্ট বক্তা হিচাবে আদৰি নিছিলহি।
তেওঁৰ জীৱনৰ কৰ্মক্ষম দিনবোৰত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত নিজকে ওতঃপ্ৰোত ভাবে জড়িত কৰি ৰাখিছিল। মৃত্যুৰ সময়তো তেওঁ ‘অন্তৰঙ্গ’, ‘অসম সঙ্গীত মহাবিদ্যালয়’, ‘অসম সাহিত্য সভা’ আৰু বহুতো অনুষ্ঠানৰ লগত যুক্ত হৈ আছিল।
এনে এজন সৰ্বগুণী, মৌলিক প্ৰতিভাধৰ ব্যক্তিৰ মৃত্যু সমাজৰ বাবেও ক্ষতি। তেওঁৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।•
(লেখিকা বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী। প্ৰয়াত উমেশ বৈশ্যৰ আদ্যশ্ৰাদ্ধৰ দিনা (১১/৮/১৯৯৮) এই লেখাটো ‘অসমীয়া প্ৰতিদিন’ কাকতত প্ৰকাশ হয়।)