পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

তেওঁক আদৰ-সম্ভাষণ জনোৱাৰ পিছত প্ৰসাদ আদি খাই তেখেতে বিদায় লয়; আৰু ইয়াৰ মুক্তিৰ বাবে চেষ্টা কৰিব বুলি আশ্বাস দিয়ে।

 এই দিনটো বালিলেছাৰ বাবে এটা চিৰস্মৰণীয় দিন হিচাপে বুৰঞ্জীত ৰৈ যাব।

 ৫ মাঘ, মঙ্গলবাৰ; ১৯/১/৬৫ তাৰিখটো প্ৰতি বছৰে বালিলেছাই পালন কৰাতো কৰ্তব্য বুলি মই বিবেচনা কৰোঁ।”

“৩১/১/৬৫ ৰবিবাৰ, বেণুধৰ শৰ্মাৰ ঘৰত।

 বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ লগত ক্ষন্তেকপৰ।....প্ৰবন্ধটি চাই আনন্দ প্ৰকাশ কৰে। আথেবেথে শব্দটি ভুল প্ৰয়োগ আঙুলিয়াই দি কয় যে ডাঙৰে সৰুক ক'লেহে এই শব্দৰ প্ৰয়োগ শুদ্ধ হয়। সৰুৱে ডাঙৰক কলে ‘ভাৱস্তীৰে’ ক'ব লাগে।

 গোবিন্দ বেজবৰুৱাৰ বিষয়ে লিখা ইংৰাজী প্ৰৱন্ধ এটি দেখুৱায়। মই মাতি যাওঁ।'Colocous' শব্দটি প্ৰয়োগ মন কৰিবলগীয়া। তেওঁ কয় সাহিত্যত শব্দৰ প্ৰয়োগ বাচকবনীয়া হব লাগে। কিতাপ পঢ়াতকৈ মানুহ পঢ়া ভাল, শাৰীটোত সাহিত্যিক সম্ভাৰ থকা বুলি তেওঁ কয়। “এদম কিতাপ লিখিলেও মই সমৰ্থন নকৰো, সাহিত্যিক মানে এটা ‘আৰ্জ’। ‘আৰ্জ’টোহে মই বিচাৰো” তেওঁ কয়।

 বালিলেছা মন্দিৰৰ বিষয়ে লিখিবলৈ কোৱাত তেওঁ মোক মন্দিৰৰ বিষয়ে লিখা পুৰণা কাগজৰ কপিটো খোজে। মই দিম বুলি কও। প্ৰৱন্ধ পাতি লিখি বালিলেছাৰ উন্নতি কল্পে চেষ্টা কৰিবলৈ মই তেওঁক অনুৰোধ কৰোঁ। বুৰঞ্জী তথ্যপূৰ্ণ প্ৰৱন্ধ পাতি আজিকালি কোনেও নপঢ়ে বুলি তেওঁ আক্ষেপ কৰে। চিনেমা বাতৰিয়ে কাকতৰ বহু ঠাই অধিকাৰ কৰাত তেওঁ অসন্তোষ প্ৰকাশ কৰে।....”

 এবাৰ দেউতাই ৰচনা কৰা ‘অশান্ত জন্মভূমি’ নামৰ কবিতাটো তেওঁক (বেণুধৰ শৰ্মাক) দেখুৱাবলৈ যাওতে তেওঁ দেউতাক কবিতাটো আবৃত্তি কৰি শুনাবলৈ ক'লে। দেউতাই ডাঙৰকৈ কবিতাটো আবৃত্তি কৰি শুনোৱাৰ পিছত এমুখ হাঁহিৰে উৎসাহিত হৈ তেওঁ ক'লে— “এইয়া কুঁজত কিল। তুমি আজিয়েই কবিতাটো “দৈনিক অসম’ কাকতত দি আহাগৈ। সম্পাদকক মই পঠিয়াইছো বুলি ক’বা।”