তেজোদীপ্ত মুখমণ্ডলেৰে সুন্দৰ সুঠাম চেহেৰাৰ গহীন-গম্ভীৰ, সেইগৰাকী আমাৰ ডাঙৰ দাদা (একমাত্ৰ পেহীৰ জ্যেষ্ঠপুত্ৰ), আমাৰ অভিভাৱক, শিক্ষক আৰু জীৱনৰ পথ প্ৰদৰ্শক। একালত আমাক শিকাইছিল, বুজাইছিল— জীৱন কেনেদৰে গঢ়িব লাগে। সঁচা আৰু নিকা জীৱনৰ গতি দান কৰিবলৈ আমাক সদায় প্ৰয়াস। কৰিছিল। এতিয়াহে অনুভব কৰোঁ দাদাৰ গুণ আৰু ব্যক্তিত্বৰ যদি ধনিষ্ঠমানো অধিকাৰী হ’লোহেঁতেন! এইগৰাকী দাদাই উত্তৰসূৰী সকলক দি থৈ যোৱা নাই কি? জীৱন সংগ্ৰামত নিজেই ক্ষত-বিক্ষত শ্ৰদ্ধাৰ দাদাই সদায় চিন্তা কৰিছিল, তেওঁৰ অনুজ সকলৰ জীৱনৰ পদপথ যেন মখ্মলৰ দলিছাৰ দৰে মসৃণ হয়।
★★★★
দাদাই এইবাৰ নিজৰ উইঙ্ চাঙ্ কলমটো লৈ বগা কাগজখিলাত মুকুতাহেন গোট গোট আখৰেৰে অংকটো কৰি পেলালে। পানীৰ দৰে স্বচ্ছ আছিল অংকটোৰ সমাধান প্ৰণালী। ইপ্সিত লক্ষ্যৰ পিনে অংকটো লৈ যোৱাৰ যি কৌশল, নিহিত সাধাৰণ বোধ, সাম্ভাব্য খুটিনাটিৰ সামগ্ৰিক বৰ্ণনা এনেদৰে মোৰ নিচিনা শিশুৰ সমুখত দাঙি ধৰিলে যে মোৰ বাবে অংকটো পানীৰ দৰে স্বচ্ছ হৈ পৰিল।