প্রয়াত উমেশ বৈশ্যৰ প্রতি শ্রদ্ধার্ঘ
ড° ধৰণীধৰ গােস্বামী
বিৰুবাৰী, গুৱাহাটী
শ্ৰীযুত উমেশ বৈশ্যৰ মৃত্যু হয় ১৯৯৮ চনৰ ১ আগষ্টত। তেখেতৰ মৃত্যুৰ চাৰি বছৰমান আগৰ পৰাহে মােৰ লগত ব্যক্তিগতভাৱে যােগাযােগ স্থাপন হৈছিল বিৰুবাৰী শাখা সাহিত্যৰ জৰিয়তে। এদিনাখন (তাৰিখটো মনত নাই) শাখা সাহিত্য সভাৰ সাহিত্য বিষয়ক এখন আলােচনা অনুষ্ঠিত হৈছিল। সিদিনাখন বৈশ্য ডাঙৰীয়াই এটা প্রবন্ধ পাঠ কৰিছিল। প্ৰবন্ধটোৰ বিষয়বস্তু আৰু প্রকাশভংগী যথেষ্ট উন্নত মানৰ আছিল। তেতিয়া আশা কৰিছিলাে যে তেখেতে বিৰুবাৰী শাখা সাহিত্য সভাক সাহিত্য চৰ্চাৰ দিশত আশানুৰূপভাৱে আগবঢ়াই দিয়াত অৰিহনা যােগাব। কিন্তু বিধাতাৰ লিখন অখণ্ডনীয়। তেখেতে অকালতে ইহলীলা সম্বৰণ কৰিব লগা হ'ল।
তেখেতে কৃতী শিক্ষক হিচাপে সমাজত পৰিচিত। তাৰােপৰি তেখেতে অসমীয়াৰ সাহিত্যৰ ভড়াললৈ যিখিনি বৰঙণি বঢ়াইছে তাৰ বাবে বিশেষকৈ বিৰুবাৰীবাসীয়ে সদায় সুঁৱৰিব। সংগীতৰ প্রতি বৈশ্যৰ বিশেষ অৱদান আছে। বৈশ্যৰ ৰচিত “প্ৰগতিৰ গান” কিতাপখনত সন্নিৱিষ্ট গীত কেইটাৰদ্বাৰা তেখেতৰ প্রগাঢ় দেশপ্রেমৰ ভাব প্রকাশ পাইছে। সর্বহাৰা জনতাৰ প্ৰতি তেখেতৰ অনুভূতি প্ৰকাশ কৰিছে এনেদৰে—
সমাজত জুই জ্বলােৱা জনক
বধ কৰোঁগৈ আহ
দুখীয়াক লৈ খেল খেলােতাক
নাশ কৰোঁগৈ আহ।
আনহাতে আশা কৰিছিল যাতে অসমত বাসকৰা নাগৰিকে জাতি-ধর্ম নির্বিশেষে সকলাে লােকৰ মাজত একতাৰ ডােলডাল সুদৃঢ় হয়। তলৰ গীত ফাঁকিয়ে তাৰ অর্থ বহন কৰিছে—