দিছিল। তেওঁ নিজে গীত ৰচনা কৰি তাত সুৰ দিছিল আৰু সেই গান নিজে বা কোৰাছ আকাৰে পৰিবেশন কৰিছিল। তেওঁৰ গীতৰ প্ৰধান বিষয়বস্তু আছিল দেশপ্ৰেম। যিটো অকল সেই সময়ৰেই নহয় আজিও বহু নামী-দামী শিল্পীৰ গীতৰ বিষয়বস্তু নহয়। সূক্ষ্ম দৃষ্টিৰে গৱেষণা কৰিলে এই কথাটো ওলাই পৰিব যে অসমৰ সংগীতৰ ইতিহাসত দেশপ্ৰেমমূলক গীতৰ সৃষ্টি তথা চৰ্চা কৰা মানুহৰ সংখ্যা তেনেই তাকৰ। সস্তীয়া ৰুচিৰ পেনপেনীয়া প্ৰেম আৰু বিৰহ গীতৰ অস্বাভাৱিক বৃদ্ধি দেখি দেউতা উদ্বিগ্ন হৈছিল আৰু তেনে গীতৰ স্ৰষ্টা তথা শিল্পীসকলক সোঁৱৰাই দিবলৈ গীত ৰচিছিল আৰু গাইছিল—
“কিমান ৰচিলা কিমান গালা
প্ৰণয় মধুৰ গান
কত যে শুনিলো শিল্পী তোমাৰ
বিৰহ গধুৰ তান॥
- *** ***
- *** ***
গোৱা শিল্পী আৰ্ত্তজনৰ
জীয়াই থকাৰ গান
গোৱা শিল্পী কণ্ঠ কঁপাই
উদ্দীপনাৰ তান॥”
১৯৬২ চনত (মাত্ৰ ২৩ বছৰ বয়সতেই) চীনা আক্ৰমণৰ পটভূমিত দেউতাই ’শান্তি ভূমি ৰাঙলী কৰি’ শীৰ্ষক গীতটি ৰচনা তথা সুৰ কৰি স্কুলীয়া/কলেজীয়া বন্ধু-বান্ধবীবোৰক লগত লৈ নলবাৰী চহৰৰ অলিয়ে-গলিয়ে পৰিবেশন কৰি দেশবাসীৰ মনত মাতৃপ্ৰেম তথা দেশপ্ৰেম জগাই তুলিবলৈ অভিযান চলাইছিল। দেশপ্ৰেমতেই উদ্বুদ্ধ হৈ তেওঁ অসম আন্দোলনৰ সময়ত ‘তই যুক্তি যুদ্ধ কৰ’ আৰু ‘অশান্ত জন্মভূমি’ নামৰ কবিতা পুথি দুখন প্ৰকাশ কৰে। ইয়াৰ উপৰিও প্ৰথম সংগীত গুৰু জমিৰুদ্দিন আহমেদ, সংগীত বিদ্যালয় ‘গীতশ্ৰী’ আৰু পৰৱৰ্তী সময়ত লগ পোৱা সংগীত শিক্ষাগুৰু (সুধীৰ চন্দ্ৰ চৌধুৰী, বীৰেন্দ্ৰ ফুকন, হীৰেন শৰ্মা, কবীন্দ্ৰ হুজুৰী, ৰামপ্ৰৱেশ সিং, কেশৱ চাংকাকতী)সকলৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাত বলীয়ান হৈ দেউতাই শাস্ত্ৰীয় সংগীতৰ ওপৰত একেৰাহে কেইবাটাও প্ৰৱন্ধ লিখাৰ উপৰিও বহুতো গীত ৰচনা কৰি ‘প্ৰগতিৰ গান’ আৰু গীত ‘ছন্দ’ নামেৰে দুখন গীতৰ পুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা যে এখন গীতৰ পুথিও দেউতাই ছপাৰূপত