পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


 বৈশ্যদেৱে আটোমটোকাৰীকৈ থৈ যােৱা তেওঁৰ বিপুল ৰচনা সম্ভাৰ, পত্নী ৰিণা বৈশ্য আৰু তেওঁৰ চাৰিগৰাকী বিদ্বান পুত্ৰ ৰত্নই আজি অসমীয়া সমাজৰ আগত তুলি ধৰিবলৈ যত্নপৰ হােৱাটো অতি সুখৰ কথা। দেশপ্রেম সিক্ত তেওঁৰ গীতসমূহে অসমীয়া সমাজখনক উন্নতিৰ পথত আগবাঢ়ি যাবলৈ নিশ্চয় প্ৰেৰণা যােগাব।

 বৈশ্যদেৱে ৰচনা কৰা - ‘প্রগতিৰ গান’, ‘তই যুক্তি যুদ্ধ কৰ আৰু ‘অশান্ত জন্মভূমি’ পঢ়িলে এনে ভাব হয়, শয়নে-সপােনে-জাগৰণে তেওঁৰ ধ্যান-ধাৰণা এটিয়েই আছিল। সেয়া হৈছে-জন্মভূমি অসম তথা অসমীয়া সমাজখনৰ কল্যাণ সাধন।

 ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সােণালী মুহূৰ্তত বৈশ্যদেৱ নিচেই এটি কম বয়সীয়া সৰল মনৰ শিশু আছিল। সেই শিশুটিৰ মাজতেই সমাজ সেৱা তথা সমাজৰ সংস্কাৰ সাধনৰ বীজ যে লুকাই আছিল, তেতিয়া কোনেও হয়তাে কল্পনাই কৰিব পৰা নাছিল।

 পঢ়ি-শুনি সময়ত যেতিয়া বুজন হৈ উঠিল, তেতিয়া তেওঁ মনে-প্রাণে উপলব্ধি কৰিলে যে মানুহে ভবাৰ দৰে, আশা কৰাৰ দৰে, এই স্বাধীনতা সেই স্বাধীনতা নহয়। পার্থক্য মাথাে ইমানেই যে, বগা হাতৰ শিকলিৰ বন্ধনৰ পৰা ভাৰতবর্ষ তথা ভাৰতীয় সমাজখনে, ক’লা হাতৰ বন্ধনত আকৌ এবাৰ বান্ধ খাই পৰিল। দেশৰ বদন’, ‘বিভীষণ’হঁতৰ হাতৰ এই বন্ধন ছিঙা কিন্তু সহজ কথা নহয়। তেওঁ মর্মে মর্মে বুজি উঠিল।

 অতিকৈ আপােন নিজৰ জন্মভূমিক ভাল পাবলৈ কাকো শিকাব নালাগে। মাকক ভাল পাবলৈ সন্তানক জানাে শিকাব লাগে? স্বতঃস্ফূর্ত ভাৱে সন্তানৰ মাজত, কায়-মনাে বাক্যে এই প্রেম সময়ত প্রস্ফুটিত হৈ উঠে। পশু-পক্ষীকুলৰ মাজতো এই মাতৃপ্রেম সহজতে চকুত পৰে।

 কিন্তু ভাৰতবাসীৰ বাবে এয়া ইমানেই দুর্ভাগ্যজনক যে যি সকল শ্বহীদৰ আত্ম বলিদানৰ বিনিময়ত ভাৰতমাতৃয়ে স্বাধীনতাৰ মুখ দেখিবলৈ পালে দেশৰ কর্ণধাৰসকলে পৰৱৰ্তীকালত সেইবীৰ শ্বহীদসকলক পাহৰি গ'ল। দেশ কল্যাণৰ বৃহৎ স্বার্থকো তুচ্ছ জ্ঞান কৰি আপােন স্বার্থপূৰণত মগ্ন হৈ পৰিল। দেশপ্রেমৰ মুখা পিন্ধা ভণ্ড দেশপ্রেমিকেৰে দেশৰ বুকু ভৰি পৰিল।

 'সুগন্ধি পখিলা’ৰ কবি হীৰেন ভট্টাচার্যদেৱৰ কবিতা এফাঁকিত পাওঁ - “দেশ বুলিলে আদেশ নেলাগে”। সঁচা কথা, আৱৰ্জনাৰে ভৰা দেশ-সমাজৰ