পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

নিবেদন

 

 আমি, নিম্নস্বাক্ষৰকাৰী সকলে সহৃদয় ৰাইজৰ ওচৰত অতি দুখেৰে নিবেদন জনাওঁ যে, এসময়ৰ নলবাৰী জিলাৰ বালিলেছা গাওঁ নিবাসী, গৰ্ডন স্কুলৰ প্ৰাক্তন কৃতী ছাত্ৰ, বিশিষ্ট সংগীত শিল্পী, সাহিত্য আৰু শিক্ষাসেবী, সমাজকৰ্মী আৰু গুৱাহাটীৰ ৰিহাবাৰী বাণীকান্ত সোঁৱৰণী, বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীউমেশ চন্দ্ৰ বৈশ্যদেৱ বৃক্কবিকলতা ৰোগত আক্ৰান্ত হৈ বৰ্তমান শয্যাশায়ী। এই কঠিন ৰোগৰ সুচিকিৎসাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ আৱশ্যকতাৰ কথা দোহাৰিবৰ প্ৰয়োজন নাই। সম্প্ৰতি ধনৰ অভাৱত তেখেতৰ চিকিৎসাৰ উন্নত আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।

 সেয়েহে অধ্যক্ষ শ্ৰীবৈশ্যৰ সুচিকিৎসাৰ বাবে যথাসাধ্যে অৰ্থ সাহায্য আগবঢ়াবলৈ তেখেতৰ সহপাঠী সহকৰ্মী বন্ধু-বান্ধৱ, হিতকাঙক্ষী তথা শিক্ষা-সাংস্কৃতিক অনুষ্ঠান সমূহক বিনম্ৰ অনুৰোধ জনালোঁ। আশাকৰোঁ তেখেতৰ আশু আৰোগ্য কামনাৰে সাহায্যস্বৰূপে আগবঢ়োৱা ধন তলত উল্লেখ কৰা একাউণ্টঅত জমা দি অথবা তেখেতলৈ পোনে পোনে প্ৰেৰণ কৰি কৃতাৰ্থ কৰিব। ইতি–

 বিনীত–
শ্ৰীগুণেশ্বৰ শৰ্মা
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য
শ্ৰীকামিনী শৰ্মা
শ্ৰীহৰেন্দ্ৰ কুমাৰ দত্ত
শ্ৰীপ্ৰফুল্ল কলিতা
শ্ৰীৰুমী দেৱী নায়ক
শ্ৰীপ্ৰফুল্ল কুমাৰ শৰ্মা
নলবাৰী
২৪/৭/৯৮ ইং


যোগাযোগৰ ঠিকনাঃ

শ্ৰীউমেশ চন্দ্ৰ বৈশ্য
বিৰুবাৰী বাথৌ মন্দিৰ পখ
ডাক- গোপীনাথ নগৰ
গুৱাহাটী-১৬
একাউণ্ট নং- ২২৯৬৮
অসম কো-অ’পাৰেটিভ এপেক্স বেংক
গুৱাহাট শাখা।
পাণবজাৰ, গুৱাহাটী- ১