পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


ভাতৃ প্ৰতীম পৰম সুহৃদ প্ৰয়াত উমেশ বৈশ্যৰ
সোঁৱৰণত

মানিক চন্দ্ৰ দত্ত বিৰবাৰী, গুৱাহাটী

 পূণ্যাত্মা প্ৰয়াত উমেশ বৈশ্যৰ স্মৃতিত শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰিলোঁ। মহান আত্মাৰ ব্যক্তিজনৰ জীৱন আৰু কৃতি প্ৰকাশ কৰাৰ উদ্যোগীসকললৈ শলাগৰ শৰাই আগবঢ়ালোঁ।

 পূণ্যাত্মা বৈশ্যদেৱৰ অতি প্ৰিয় বিজ্ঞানসম্মত চিন্তাধাৰা আৰু অধ্যাৱসায়। ইয়াৰ বাস্তৱ উদাহৰণ দাঙি ধৰাৰ প্ৰয়াস কৰিলো দহৰ যাতে মংগল সাধনত প্ৰধান সহায়ক হয়।

 বিশ্বৰ সকলো দেশৰ পানী কেচুৱাৰ কান্দোন ধ্বনি এক - উহঁ! উহাঁ! নিজ নিজ ভাষাৰ ধ্বনিটো কান্দিব পাৰিলেহেঁতেন, কন্দা নাই কিয়? কাৰণ ই মানৱ প্ৰজাতিৰ ধৰ্ম আৰু প্ৰাকৃতিক নীতি। এই বাস্তৱ নীতিক পাহৰি যাব নোৱাৰে। কিন্তু শিক্ষা আৰু শাস্ত্ৰৰ বিকৃত ব্যাখ্যাৰ ব্যৱস্থাই পাহৰি থাকিবলৈ বাধ্য কৰাইছে। মানুহৰ শক্তি অপচয় হ'ব লাগিছে।

 মানুহৰ ভিতৰত থকা মানবীয় প্ৰমূল্যবোধ - সত্য-প্ৰেম, কৰুণা-দয়া হেৰাই যাবলৈ লৈছে। কিয়? কেনেকৈ কাৰ চিন্তাৰ অভাৱত? কিন্তু ই সুপ্ত হৈ থাকে লুপ্ত নহয়। ধ্বনিগত আখৰৰ প্ৰতীক অৰ্থ তত্ব জ্ঞানত প্ৰকাশ পায়। আজিৰ মানুহে উচ্চ স্মৃতি লৈ যাবলৈ ভয় কৰা হ'ল। ভয় মানে শুভ শক্তিৰ ত্যাগ হৃদয়ৰ সস্তীয়া তৃপ্তিৰ শোভিত লোক আজি পবিত্ৰতাৰ অভাৱত আকৃষ্ট অন্ধ। এনেকুৱা ব্যৱস্থাত কোনো উৱাহ দিশ নোহাৱা হৈছে। অইন কোনো উপায় নেদেখা হৈছে।

 সদায় প্ৰত্যেকৰে জীৱনত ব্যৱহাৰ হোৱা শব্দ অসমীয়াত ভাল আৰু বেয়া। প্ৰত্যেকেই কিবা বুজা যেন পায়। কিন্তু আচলতে তত্ত্বৰ দিশেৰে সাৰশূন্য -পলস। একো গাণিতিক ভাবে ক'ব নোৱাৰে কিয়?