সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


যৎপৰোনাস্তি চেষ্টা কৰিছিল।

 উমেশ বৈশ্য আছিল সংগীত সাধক। হাইস্কুলত তেওঁ লগ পাইছিল সংগীত শিক্ষক চৈয়দ জমিৰুদ্দিন আহমেদ ডাঙৰীয়াক। নলবাৰীৰ সংগীত বিদ্যালয় ‘গীতশ্ৰী'ত আহমেদৰ ওচৰত তেওঁ ৰাগভিত্তিক সংগীত চৰ্চা কৰিছিল। গুৱাহাটীত প্ৰয়াত সুধীৰ চৌধুৰী আৰু সংগীত আচাৰ্য প্ৰয়াত বীৰেন ফুকনৰ ওচৰত সংগীত শিক্ষা লাভ কৰিছিল। উমেশ বৈশ্যই নিজ গৃহতে ‘জীৱনজ্যোতি সংগীত আশ্ৰম’ নাম দি এখন সংগীত বিদ্যালয় স্থাপন কৰি ল'ৰা-ছোৱালীক সংগীতৰ পাঠদান কৰিছিল।

 উমেশ বৈশ্য শিক্ষাদান আৰু সংগীত চৰ্চাতে সীমাৱদ্ধ নাছিল। তেওঁ এজন লিখকো আছিল। তেওঁ উচ্চ মাধ্যমিক অংক সহায়িকা, Higher Secondary English Grammar, ৰচনা মালিকা আদি কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছিল। পাঠ্যপুথিৰ উপৰিও কবিতা, গীত আৰু সমসাময়িক সামাজিক পটভূমিৰ ওপৰত কেইখনমান কিতাপ ৰচনা কৰিছিল।

 অসীম কষ্ট, ত্যাগ আৰু সংগ্ৰামৰ মাজেদি উমেশ বৈশ্যই জীৱনৰ কৃতকাৰ্যতা লাভ কৰিছিল। তেওঁৰ কৃতিত্বত সহোদৰ ভাতৃহঁতৰ যথেষ্ট অৰিহণা আছে। ভাতৃৰ মৰম-স্নেহ আৰু সদিচ্ছাৰ লগতে সহধৰ্মিণী শ্ৰীৰিণা বৈশ্যৰ পূৰ্ণ সহযোগত তেওঁ এটি সাৰ্থক জীৱন লাভ কৰিছিল৷ পাৰিবাৰিক ক্ষেত্ৰততা উমেশ বৈশ্য অতি সুখী আছিল। ভাতৃ, ভাতৃবধু, সহধৰ্মিণী, চাৰিজন পুত্ৰ, ভাতৃৰ পুত্ৰ- কন্যাৰ সৈতে এটি বৃহৎ পৰিয়ালৰ জ্যেষ্ঠ হিচাবে বৈশ্য অত্যন্ত সুখী আছিল। তেওঁৰ পুত্ৰ শ্ৰীজীৱনজ্যোতি বৈশ্য, শ্ৰীশেখৰজ্যোতি বৈশ্য, শ্ৰীঅৰুণজ্যোতি বৈশ্য আৰু শ্ৰীদীপজ্যোতি বৈশ্য প্ৰত্যেক জনেই উচ্চ শিক্ষিত আৰু সুপ্ৰতিষ্ঠিত।

 কাল সকলোৰে ওপৰত। উমেশ বৈশ্যই সাৰ্থক জীৱন লাভ কৰিলে যদিও ই দীৰ্ঘদিনীয়া নহ’ল। ইং ১৯৯৮ চনৰ আগষ্ট মাহৰ পহিলা তাৰিখে পত্নী, পুত্ৰ, পৰিয়াল আৰু বন্ধু-বান্ধৱক কন্দুৱাই অকালতে নশ্বৰ দেহ ত্যাগ কৰে। বৈশ্য গুছি গ'ল কিন্তু তেওঁৰ কৃতকৰ্মই তেওঁক সদায় জীয়াই ৰাখিব। কীৰ্তি যস্য সঃ জীৱতি। (লেখক নলবাৰীৰ দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক। (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)