পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৭
উমেশ বৈশ্যৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ পাতনি

অশান্ত জন্মভূমি
কবিতা পুথি
লিখক— উমেশ বৈশ্য
প্ৰকাশনত : জীৱন জ্যোতি সঙ্গীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬
২য় প্ৰকাশ : ১৯ ডিচেম্বৰ, ১৯৭৯ চন
৩ পুহ, ১৯০১ শক
বেটুপাত পৰিকল্পনা : প্ৰদীপ দাস
বেটুপাত ৰূপায়ন : অমল চন্দ্ৰ ভট্টাচাৰ্য্য
মূল্য : ১.২৫ টকা
মুদ্ৰক : সীমান্তিকা প্ৰিণ্টাৰ্ছ
 গুৱাহাটী-৭৮১০০৩


উচৰ্গা

 দেশ প্ৰেমিকৰ দেশদ্ৰোহত, ক্ষমতা লোভীৰ ষড়যন্ত্ৰত দেশ খাণ্ডৱ দাহ হোৱাৰ উপক্ৰম হৈছে। মাতৃভূমিৰ অস্তিত্ব প্ৰায় শেষ হওঁ হওঁ। এই বিপদ কালত সমগ্ৰ দেশবাসী ঐক্যৱদ্ধ হৈ শত্ৰু নিধন যজ্ঞ নাপাতিলে দেশৰ আজি কল্যাণ নাই। এই যজ্ঞৰ মন্ত্ৰধ্বনিৰ চিন্তা কৰোঁতেই ভাবৰ উম্মাত গীতি-কবিতা ৰূপত ৰূপায়িত হ’ল মোৰ এই অশান্ত জন্মভূমি।

 ‘অশান্ত জন্মভূমি’ক মই সেইসকলৰ হাতত তুলি দিলোঁ— যিসকলে আজি শান্ত জন্মভূমি কামনা কৰি জীৱন-মৰণৰ যুদ্ধত প্ৰবৃত্ত হৈছে।

সংগীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬
২২ নবেম্বৰ, ১৯৭৯
উমেশ বৈশ্য