স্বৰ্গীয় ঈশ্বৰ চন্দ্ৰ বৰুৱা ৰচিত “সাহে বুকু বান্ধি আগবাঢ়া, আগবাঢ়া, বাঢ়া
আগ” শীৰ্ষক কোৰাছ গীত এটি গাই গাই সভাপতি প্ৰয়াত ডিম্বেশ্বৰ নেওগ
ডাঙৰীয়াক মঞ্চলৈ আদৰি আনিছিলোঁ। সভাপতিৰ লগত শোভাযাত্ৰা কৰি
অহা ঢুলীয়া, খুলীয়া, কালিয়া, চিফুং বাহীবাদকৰ সমস্বৰ ধ্বনিৰ মাজত এন-
চি-চিৰ মাৰ্ছিং বেণ্ডৰ তালে তালে গীতটো পৰিৱেশন কৰা হৈছিল। গীতটিৰ
পৰিৱেশনৰ সময়ত উপস্থিত সভাসদ সকলে থিয় হৈ সভাপতিক অভিবাদন
জনাইছিল। গীত সমাপ্ত হোৱাৰ পিছত পিছফালৰ পৰা মোৰ পিঠিত সৰুকৈ
চাপৰ এটা মাৰি বৈশ্যদাই কৈছিল— “পুলকেশ, Congratulations বৰ
ভাল হৈছেহে। পৰিবেশৰ লগত ৰজিতা খাই গৈছে।” অগ্ৰজ জনৰ এনে
উৎসাহ বাণী আমাৰ নিচিনা ন-শিকাৰুৰ বাবে নিশ্চয় অনুপ্ৰেৰণাদায়ক আছিল।
বৈশ্যদাই কাকো কেতিয়াও হতাশ কৰা নেদেখিলোঁ। সেয়ে আমাৰ মনত
বৈশ্যদা সদায় অনুপ্ৰেৰণাৰ থলি আছিল।
বৈশ্যদাই গুৱাহাটীৰ স্কুলত শিক্ষকতা কৰাৰ পিছত আগৰদৰে সদায় লগ নোপোৱা হ’লোঁ। সেই সময়ত চৈয়দ জমিৰুদ্দিন ছাৰৰ নেতৃত্বত আৰু গীতশ্ৰীৰ উদ্যোগত প্ৰতি বছৰে সৰস্বতী পূজা অনুষ্ঠিত কৰা হৈছিল। পূজাৰ থলী আছিল প্ৰয়াত সূৰ্য চৌধুৰী উকীলৰ আগচোতালখন। সেই ঠাইতে পূজাৰ দিনাখন এখন আকৰ্ষণীয় সংগীত সন্ধিয়া অনুষ্ঠিত কৰা হৈছিল। তাত গীতশ্ৰীৰ আমি ন-শিকাৰু সকলে গীত-মাত পৰিবেশন কৰাৰ লগতে বৈশ্যদা, প্ৰফুল্লদা, হৰেনদা, নুজিবদাহঁতে সংগীত সন্ধিয়াটো সুৰেৰে সজাই তুলিছিল। নিশা গহীন হৈ অহাৰ লগে লগে পণ্ডিত হীৰেন শৰ্মা, কেশৱ চাংকাকতি, আখটাৰ খান আদি বিশিষ্ট শিল্পীসকলে কণ্ঠ সংগীত, তবলাৰ লহৰ, চেতাৰবাদন আদিৰে গীতৰ আচৰ প্ৰাণৱন্ত কৰি গভীৰ নিশা পৰ্যন্ত সংগীতৰ লহৰ তুলি আছিল। গীতশ্ৰীৰ প্ৰতিটো সংগীতানুষ্ঠানত বৈশ্যদাৰ উপস্থিতি অপৰিহাৰ্য আছিল।
আজি আৰু সেই বিশিষ্ট শিল্পী সাধক সকল নাই। গীতশ্ৰীৰ মধ্যমণি। চৈয়দ জমিৰুদ্দিন ছাৰ আমাৰ মাজৰ পৰা কোনোবা অজান দেশলৈ চিৰদিনৰ বাবে গুচি গ’ল। কিছু পিছত আমাৰ অজানিতে বৈশ্যদাও গ’লগৈ। সেই সোণালী দিনবোৰ আজি ইতিহাস হোৱাৰ পথত। ৰাজনৈতিক, সামাজিক কাম- কাজৰ ধামখুমীয়াৰ অৱসৰত মাজে মাজে স্মৃতিবোৰে আহি মনটো জোকাৰি যায়হি। বৈশ্যদাৰ ওপৰত লিখিবলৈ লওতে বহু কথাই জুমুৰি দি ধৰিছেহি। বহু কথা আকৌ পাহৰণিৰ গৰ্ভতে লীন হৈ গ’ল। যি দুটা এটা কথা মনলৈ আহিল