পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


 সদৌ শেষত ভগৱানৰো কোপ দৃষ্টি পৰিছিল দাদাৰ ওপৰত। কিয়নো, কৰ্মজীৱনৰ ওৰ নপৰোতেই আমাৰ মাজৰ পৰা তেওঁক কাঢ়ি লৈ গ'ল। ভগৱানে সুদৃষ্টি প্ৰদানেৰে আৰু কেইবছৰমান তেওঁক জীৱন দান কৰিব পাৰিলেহেঁতেন। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! আমাক কাণ্ডাৰীবিহীন কৰি জীৱন যুঁজত কোনো দিনে হাৰ নমনা, কাৰো সৈতে আপোচ নকৰা দাদাই নিয়তিৰ ওচৰত হাৰ মানিলে। মৃত্যুৰ সৈতে আপোচ কৰিলে। হয়তো সেই পুণ্যাত্মাই পৰমাত্মাৰ লগত বিলীন হৈ গৈছে। দাদাৰ কায়া আজি আমাৰ মাজত নাই; কিন্তু আছে। ছায়া আৰু মায়া। শ্ৰদ্ধাসিক্ত ভকতিৰে তেওঁক সদায় সেৱা কৰিম।•

(লেখিকা ক্ষেত্ৰী আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। তেখেত একেৰাহে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যকাৰ, গল্পকাৰ, প্ৰৱন্ধকাৰ, উপন্যাসিকা, গ্ৰন্থকাৰ, গীতিকাৰ, আকাশবাণী আৰু দূৰদৰ্শনৰ কণ্ঠশিল্পী তথা কেইবাখনো সফল দূৰদৰ্শন ধাৰাবাহিকৰ কাহিনী আৰু চিত্ৰনাট্য ৰচয়িতা। অপৰাহ্ন’ গল্প পুথিৰ বাবে ভাৰতীয় দলিত সাহিত্য একাডেমী (দিল্লী, ২০০৬), ‘অপৰাজিতা’ (হিন্দী ধাৰাবাহিক)ৰ বাবে জীৱনজোৰা সাধনা (মুম্বাই, ২০০৭), ‘অন্য এক তেজীমলা’ দূৰদৰ্শন ধাৰাবাহিকৰ বাবে শ্ৰেষ্ঠ কাহিনী, পৰিচালিকাৰ মুন লাইট মিডিয়া (গুৱাহাটী, ২০০৭), ‘কাল ধুমুহা’ ভ্ৰাম্যমান থিয়েটাৰ নাটৰ বাবে এনাজৰী (গুৱাহাটী, ২০১৩), ‘অন্তঃসত্বা গল্পৰ বাবে শ্ৰেষ্ঠ গল্পকাৰ (অসম সাহিত্য সভা, ২০১১) আদি বঁটা প্ৰাপক। ‘মঞ্জিল আপকে সাথ’ আৰু ‘জীৱন সুৰভী’ নামৰ হিন্দী তথ্যচিত্ৰৰ পৰিচালিকা।)