পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
২৩৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

নিশ্চয় গীতিকাৰৰ ভাব অনুভূতি মূর্তিমান হৈ উঠিব, শ্ৰোতাৰ প্ৰাণত দেশপ্রেম, জাতিপ্ৰেমৰ ভাব জগাই তুলিব আৰু ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি স্বকীয়তা ৰক্ষাৰ প্রেৰণা পাব। গীতিকাৰৰ ভাষাত—

ঐক্যবদ্ধ সুৰেৰে আমি প্রগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি
সমাজ গঢ়ি যাওঁ
আজি নতুন দিনৰ নতুন পুরাত
হক এই অঙ্গীকাৰ।।
 *****
আহ আহ আহ হেৰ অসমীয়া
এতিয়াও আহ আহ হেৰ অসমীয়া
বাহিৰে ভিতৰে হৈ অসমীয়া
জিলিকাই তোলাে আমি
বিশ্বৰ দৰবাৰ
কৃষ্টিৰে বিলাই সুবাস।।

 প্রত্যেকটি গীতত গীতিকাৰৰ আশাবাদী মন প্রকাশ পাইছে। লাচিত, মূলাগাভৰু, গান্ধীৰ আদৰ্শৰে সকলাে অপসংস্কৃতি বিনাশী এখন নতুন সমাজ গঢ়াৰ বাবে গীতিকাৰ আশাবাদী। সেয়ে তেখেতে কৈছে—

মুক্ত কণ্ঠে আমি গাম প্রগতিৰ গান
নতুন পুৰুষ আমি গঢ়িম নতুন অভিযান।।

 প্রয়াত বৈশ্যৰ “প্ৰগতিৰ গান” পুথিখনিৰ গীতসমূহ ভাল লাগিল আৰু এই গীতসমূহে নিশ্চয় নতুন প্রজন্মক প্রগতিৰ বাটে আগুৱাবলৈ প্ৰেৰণা যােগাব।


(লেখক চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,
চেতাৰৰ বিশাৰদ তথা এগৰাকী সাহিত্যনুৰাগী ব্যক্তি।
('দৈনিক অসম’, ৪ জুন, ২০১০ চনত প্ৰকাশিত।)