পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

সমস্যা’ এই দুটি বিশ্লেষণাত্মক আলােচনাৰে পৰিপুষ্ট প্রবন্ধত লেখকৰ শিল্পীসুলভ সচেতনতা উদ্ভাসিত হৈছে। অসমীয়া সংগীতৰ স্বকীয়তা ৰক্ষার্থে শিল্পী সমাজৰ কৰণীয় কার্যৰ বিষয়ে আলােকপাত কৰা প্রবন্ধ দুটা বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত ‘নৱযুগ’ত প্রকাশিত। প্রবন্ধ দুটাৰ মানদণ্ড সন্দৰ্ভত কোনাে প্রশ্নৰ অৱতাৰণা নহয়।

 বিশ্বভাৰতী কলাভৱনৰ অধ্যক্ষ প্রসিদ্ধ শিল্পী প্রয়াত নন্দলাল বসুৰ মূল প্রবন্ধৰ অনুবাদ ‘শিক্ষাত শিল্পৰ স্থান’য়ে প্রয়াত বৈশ্যক এগৰাকী সফল অনুবাদক ৰূপে পৰিচিতি দিছে। গম্ভীৰ বিষয়বস্তুৰ প্রবন্ধটিয়ে শিক্ষা আৰু শিল্পৰ সহাৱস্থান সম্পর্কীয় ধাৰণা শক্তিশালীৰূপে উপস্থাপন কৰিছে।

 সংস্কৃত আলংকাৰিকসকলৰ ধাৰণাৰ ভিত্তিত ক্ষেত্রমােহন গােস্বামীৰ ‘গীতৰ দোষ-গুণ’ শীর্ষক প্রবন্ধটিৰ অনুবাদকৰূপে প্রয়াত বৈশ্যৰ প্ৰাঞ্জলতা, স্বচ্ছতা আশ্বর্যজনক।

 প্রবন্ধ সংকলনখনত প্রয়াত বৈশ্যৰ দ্বাৰা ৰচিত দুটি কবিতা আৰু দুটি গীত সন্নিৱিষ্ট কৰা হৈছে। কাব্যিক আৰু সাংগীতিক দিশত তেখেতৰ ব্যুৎপত্তিৰ পৰিচায়ক কবিতা আৰু গীত দুটাই জাতীয়তাবাদী মননৰ সৈতে প্রগতিশীল দৃষ্টিভংগীও মূর্ত কৰিছে।

 প্রয়াত উমেশ বৈশ্যৰ সৃষ্টিৰ বৰ্ণময় জগতত বিচৰণ কৰি তেখেতৰ বর্ণিল প্রতিভাৰ উম পােৱাটো আমাৰ বাবে অনাবিল প্রাপ্তিৰ সঁফুৰা...


(লেখক ৰামদিয়া বিনন্দি চন্দ্র মেধি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক।)