পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৭
উমেশ বৈশ্যৰ ডায়েৰীৰ পৃষ্ঠা



(২) বিষাক্ত মানুহ

 আদিম যুগত মানুহে শিলৰ অস্ত্ৰৰে যুঁজ কৰিছিল। মানুহবোৰ আছিল অসভ্য। এতিয়া মানুহে বুদ্ধিৰে যুঁজ কৰে। মানুহবোৰ হৈছে সভ্য। প্ৰেম-প্ৰীতি জৈৱিক আকংক্ষা শৈল যুগ, তাম যুগতো আছিল। সেই প্ৰেম প্ৰীতিত আছিল সৰলতা। আজিও প্ৰেম-প্ৰীতি পৰিণয় আছে। কিন্তু ই জটিলতাৰ পৰা মুক্ত নহয়। সভ্য মানুহে নতুন সমাজ পাতিছে য'ত আছে সহস্ৰ ইয়াগো সহস্ৰ কোচিয়াচৰ দল। আজিৰ সমাজত সৰলতাৰ দাম নাই। চিকমিকিয়া পালিচে সভ্যতাৰ সমাজখন ঢাকি ৰাখিছে। পালিচৰ অন্তৰালত লুকাই আছে কলুষতা, যাক বাহিৰৰ পৰা দেখা নাযায়। গোন্ধময়, ক্লেদযুক্ত সমাজখনলৈ মোৰ কোনো আস্থা নাই। আজিৰ বিষাক্ত নৰ-নাৰীৰ প্ৰতি মোৰ কোনো বিশ্বাস নাই; আছে ঘৃণা আৰু ভয়। ঘৃণা আৰু ভয় লগাৰ মোৰ কাৰণ আছে।

 সৰুৰে পৰা মোৰ এটা অসাধাৰণ হোৱাৰ কল্পনা আছিল। ভগৱানে নসজা কিন্তু সভ্য মানুহে সজা পিছপৰা বণিয়া জাতত জন্মগ্ৰহণ কৰিলেও মনটো পিছ পৰা নাছিল। আজিৰ মানুহৰ দৰে ভগৱান ঠেক মনৰ হ’লে মোক নিশ্চয় হিমালয়ৰ দৰে উচ্চ মন এটা নিদিলেহেঁতেন। সাহিত্য-সংগীতে মোক সৰুৰে পৰা হাতবাউল দি মাতিছিল। মই লাহে লাহে ইয়াৰ ওচৰ চাপিছিলো। সৰু-সুৰা কবিতা, গল্প লিখি হাইস্কুলীয়া জীৱনত কবি-সাহিত্যিকৰ পাতল সন্মানো পাইছিলো। ১৯৫৯ চনত দশম শ্ৰেণীৰ ছাত্ৰ হৈ থকা অৱস্থাত সাহিত্য চৰ্চাৰ লগে লগে ভাৰতীয় সংগীতৰ আদৰ্শৰ ওপৰত অতি নিষ্ঠাৰে অধ্যয়ন কৰাৰ সুযোেগ পালো। সৰ্বভাৰতীয় কলাকাৰ হোৱাৰ আকাংক্ষাক গোপনে পুহিলো। সংগীতৰ গভীৰতাই মোক বহু ধৈৰ্য দিলে। গাম্ভীৰ্য দিলে। মন মোৰ সুৰৰ মুৰ্চ্ছনাই কাঢ়ি নিলে। সাহিত্যিকৰ সাময়িক সন্মান অহাৰ দৰে সংগীত ভক্ত হিচাবেও মই সমাদৃত হ’লো। নলবাৰী চহৰৰ বতাহে মোক আশে-পাশে প্ৰচাৰ কৰিলে। বহুতো বন্ধু বান্ধৱীক চিনি পালো। ঘৰে ঘৰে আমন্ত্ৰিত হ'বলৈ ধৰিলো। মই যাক চিনি নাপাওঁ, সেইবিলাকেও মোক চিনি পোৱা হ'ল। আমাৰ গাঁৱৰ পৰা তিনি মাইল উত্তৰে থকা সৰু নলবাৰী চহৰখনত শিক্ষা-দীক্ষা, সাহিত্য, সংগীত আদি অধ্যয়ন কৰি জীৱনৰ মূল ভেটি বান্ধিবলৈ লাগি গ'লো৷...•