পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

জনাই দিলে যে প্রধান শিক্ষয়িত্ৰী শ্ৰীৰােহিণী শৰ্মা, সহকাৰী শিক্ষক শ্রীগৌৰী দত্ত, সহকাৰী শিক্ষয়িত্রী সর্বশ্রী চম্পা শইকীয়া, ৰুণুমী ভৰালী, পদ্মা দেৱী আৰু ৰঞ্জু দেৱীক এম.ই.ৰ শিক্ষক-শিক্ষয়িত্ৰী বুলি প্রমাণ পত্ৰ দিয়া হ'ল; কিন্তু ই একত্ৰীকৰণত কোনাে প্রতিফলন ঘটাব। দুয়ােখন বিদ্যালয়ৰ কাৰ্যকৰী কমিটিৰ সিদ্ধান্তৰহে এই ক্ষেত্রত মুল প্রয়ােজন। ইয়াৰ নকল D.E.E.O., Assam, Kahilipara লৈয়াে জ্ঞাতার্থে প্রেৰণ কৰা হয়।

 D.E.E.O.ৰ লগত যােগাযােগ কৰি ব্যর্থ হােৱাৰ পিছত শ্রীভুৱনেশ্বৰী দেৱীয়ে এইবাৰ এই সংক্রান্তত শিক্ষামন্ত্রীৰ লগত যােগাযােগ কৰাৰ চিন্তা কৰিলে। ৰিহাবাৰী অঞ্চলৰ স্থানীয় ৰাইজে লিখা হিচাপে শিক্ষামন্ত্রীলৈ সম্বােধন কৰি তেখেতে এখন দৰখাস্ত প্রস্তুত কৰিলে। প্রয়ােজন হলে একত্ৰীকৰণত বাধা দিয়া অশুভ শক্তি বিভাগীয় অনুসন্ধানেৰে বাছি উলিয়াই তাক অপসাৰণ কৰি হ'লেও জনস্বার্থৰ খাটিৰত বিদ্যালয় দুখনক একত্রীকৰণ কৰিব লাগে বুলি সেই দৰখাস্তত বিশেষভাৱে উল্লেখ কৰা হ'ল। দৰখাস্তখন লৈ প্রধান শিক্ষয়িত্রী শিক্ষাবিদ, শিক্ষাপ্রেমী ৰাইজৰ ওচৰলৈ গৈ দৰখাস্তখন পঢ়িবলৈ দিলে আৰু তাত সন্মতিসূচক চহী সংগ্রহ কৰিলে। দৰখাস্তত চহী কৰা উল্লেখযােগ্য শিক্ষাবিদ আৰু শিক্ষাপ্রেমী ব্যক্তিসকল হ'ল— সর্বশ্রী ১। প্রতাপ চন্দ্র চৌধুৰী, অৱসৰপ্ৰাপ্ত মুখ্য অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়; মাধৱ দেৱপুৰ, গুৱাহাটী; ২। সত্যেন্দ্র নাথ শৰ্মা, ৰিহাবাৰী, ৰবীন্দ্ৰ নাথ ঠাকুৰ অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়; ৩। বাণীকান্ত শর্মা, ৰিহাবাৰী, গুৱাহাটী; ৪। দেৱকান্ত কাকতি, সভাপতি, ৰিহাবাৰী উন্নয়ন সমিতি, গুৱাহাটী; ৫। বিনয় ভূষণ চৌধুৰী, প্রাক্তন সম্পাদক, কার্যকৰী কমিটি, বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটী; ৬। প্রশান্ত শর্মা, ৰিহাবাৰী, গুৱাহাটী; ৭। দুলর্ভানন্দ চৌধুৰী, ৰিহাবাৰী; ৮। সিদ্ধেশ্বৰ শর্মা, ৯। যাদৱ চন্দ্ৰ ডেকা, প্রাক্তন অঃ মুখ্য অভিযন্তা, ৰিহাবাৰী, গুৱাহাটী; ১০। সােণেশ্বৰ কলিতা, প্রাক্তন শিক্ষা সচিব, ৰিহাবাৰী; ১১। উমাকান্ত শর্মা, প্রাক্তন শিক্ষাধিকাৰ, ৰিহাবাৰী; ১২। ৰামেশ্বৰ বৰুৱা, ৰিহাবাৰী; ১৩। কালীচৰণ বৈশ্য, ৰিহাবাৰী; ১৪। ভুৱনেশ্বৰী দেৱী, সম্পাদিকা, কার্যকৰী কমিটি আৰু প্রধান শিক্ষয়িত্রী, বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটী; ১৫। ৰেণু বৰা, সম্পাদিকা, ৰিহাবাৰী মহিলা সমিতি; ১৬। মনােৰঞ্জন দাস, অধ্যক্ষ, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটী; ১৭। গােপীনাথ মহন্ত, অধিবক্তা, গুৱাহাটী; ১৮। অনিলা দাস, ৰিহাবাৰী; ১৯।