পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

 সাধাৰণ শিক্ষাৰ লগত শিক্ষক হিচাপে আজীৱন জড়িত থকাৰ লগতে সংগীতৰ শিক্ষক হিচাপেও বৈশ্য ডাঙৰীয়াই নিজকে নিয়োগ কৰিছিল সংগীতৰ প্ৰতি থকা তেওঁৰ বিশেষ ৰাপৰ বাবে। বিভিন্ন বাদ্যযন্ত্ৰ বজাবলৈ সক্ষম প্ৰয়াত বৈশ্যই নিশা আৰু বন্ধৰ দিনত সংগীত শিক্ষক হিচাপে মাধৱদেৱপুৰস্থিত গন্ধৰ্ব সংগীত বিদ্যালয় আৰু কালাপাহাৰস্থিত অসম মিউজিক কলেজত সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। পিছলৈ প্ৰয়াত বৈশ্যই নিজৰ ঘৰতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে এখন সংগীত বিদ্যালয় আৰম্ভ কৰিছিল।

 সদা বিনয়ী, শান্ত, ভদ্ৰ আচৰণ ব্যৱহাৰেৰে প্ৰয়াত বৈশ্য এজন যথাৰ্থতে শিক্ষক আছিল। বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত তেখেতৰ সৈতে বিদ্যালয়ত প্ৰশাসনিক দিশৰ বিষয়ে কেতিয়াবা কথা পাতোতে এজন প্ৰশাসক হিচাপে আমি দক্ষতাৰে কাম কৰিবলৈ হ'লে কিদৰে প্ৰতিজন শিক্ষক- শিক্ষয়িত্ৰীৰ দোষ-গুণবোৰ জানিবলৈ বিদ্যালয়খনৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে শিক্ষকজনৰ গুণসমূহ উলিয়াই আনিব পাৰি সেই বিষয়ে কথা পাতিছিলো। সুদীৰ্ঘ জীৱনৰ শিক্ষকতাৰ অভিজ্ঞতাৰে সেই সময়ত মোৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰা কামক তেখেতে যথেষ্ট প্ৰশংসা কৰা উপৰি আৰু কি কি কৰিব পাৰি তাৰো কিছুমান উপায় দিছিল। আজি এই লেখা লিখাৰ সময়ত বৈশ্য ডাঙৰীয়াৰ সৈতে কেতিয়াবা তেখেতৰ ঘৰত আলোচনা কৰা এই বিষয় আৰু পৰিবেশটো সজীৱ হৈ মোৰ মানসপটত ভাহি উঠিছে। ভাহি উঠিছে তেখেতে তেখেতৰ বৰপুত্ৰ জীৱনক দশমমানত পঢ়ি থকা সময়ত মোৰ ঘৰলৈ আনি কিছুদিন পঢ়ুৱাই দিবলৈ কৰা বিনম্ৰ অনুৰোধ। তেখেতৰ তেনে বিনম্ৰ অনুৰোধ মই উপেক্ষা কৰিব নোৱাৰি মোৰ বিদ্যালয় আৰু ঘৰুৱা কাম, নিজৰ ল'ৰা- ছোৱালীৰ তত্বাৱধান লোৱা ইত্যাদি কামৰ উপৰি তেওঁৰ বৰপুত্ৰ জীৱনক মই পঢ়াইছিলোঁ। অতি বিনম্ৰ ভাৱে আহি তেওঁ কেতিয়াবা পুত্ৰৰ উন্নতিৰ খবৰ- খাতি লৈছিল। তেওঁ নিজে এজন শিক্ষক যদিও দেউতাক হিচাপে বৰপুত্ৰলৈ অধিক মৰম হেতুকে জীৱনে শিক্ষকতাৰ দিশৰে দিয়া তেওঁৰ নিৰ্দেশবোৰ বিশেষ গুৰুত্ব নিদি পিতৃৰ মৰম আৰু আবদাৰ বিচৰাৰ কথা কৈছিল— যাৰ বাবে তেওঁ মোৰ সহায় বিচাৰিছিল। বৰপুত্ৰ জীৱনক যাতে প্ৰৱেশিকা পৰীক্ষাত ভালদৰে উত্তীৰ্ণ কৰাব পাৰে। তেওঁৰ এই অনুৰোধ ৰক্ষা কৰিছিলো আৰু জীৱনে পিতৃৰ আশা পূৰ্ণ কৰাত ময়ো সন্তোষ পাইছিলো।

 কিন্তু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা দিনৰে পৰা শিক্ষকতা বৃত্তিক