ভালপোৱা প্ৰতিজনৰ অন্তৰত দেশ ৰক্ষাৰ বাবে সাহস আৰু ভাৱ-চিন্তা প্ৰেৰণাৰ সঞ্চাৰ ঘটিছিল আৰু সেই ভাৱ স্বদেশপ্ৰীতি স্বাক্ষৰ হৈ কবিতা-প্ৰবন্ধ-গল্প ৰূপত প্ৰকাশ পাইছিল।
বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰাৰম্ভতে ১৯৭৯ চনৰ ডিচেম্বৰ মাহত বৈশ্য ডাঙৰীয়াই ‘অশান্ত জন্মভূমি’ নামে কবিতা পুস্তিকা এখন প্ৰকাশ কৰিছিল। তেতিয়াই ১৩/১২/৭৯ তাৰিখে তেখেতে নিজে আমাৰ ৰূপনগৰৰ ঘৰলৈ আহি পুস্তিকাখনৰ এটা কপি মোক দিছিল। পুস্তিকাখন পঢ়ি চাই সন্তৰ্পণে ৰাখি থৈছিলো। ১৯৮১ চনৰপৰা তেখেতৰ পিছৰ জীৱনকালছোৱাত মই প্ৰায়েই লগ পোৱা নাছিলো। ১৯৮১ চনত আমি আৰ্য বিদ্যাপীঠ এৰি নুনমাটি তাৰ পাছত সাতগাঁও আদি দূৰৰ ঠাইলৈ চাকৰিসূত্ৰে যাব লগা হোৱাত গুৱাহাটীৰ পশ্চিম ফালটো আমাৰ বাবে অজ্ঞাত হৈ পৰিছিল।
এই সময়ছোৱাত তেখেতে চাকৰি কৰা বাণীকান্ত ছোৱালী হাইস্কুলৰ ভালেখিনি পৰিবৰ্তন হৈছিল। ঘৰ-দুৱাৰ সলনি হোৱাৰ উপৰিও বিদ্যালয়খন উচ্চ বিদ্যালয় গুচি উচ্চতৰ বিদ্যালয় হৈছিল। উচ্চতৰ বিদ্যালয় হোৱাত তেখেত এসময়ত সেই বিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্ত হৈছিল। তেখেত অধ্যক্ষ হৈ কাৰ্যনিৰ্বাহ কৰা কালত আমি গুৱাহাটীৰ সাতগাঁও হাইস্কুলত প্ৰধান শিক্ষক হৈ আছিলো। সেই সময়তে এবাৰ ভোট গ্ৰহণৰ সময়ত সাতগাঁও হাইস্কুললৈ প্ৰিজাইডিং অফিচাৰ হৈ যাওতে তেখেতক আমি লগ পাইছিলো। বহুদিনৰ মূৰত লগ পাই উভয়ে খা-খবৰ বিনিময় কৰিছিলোঁ। তেতিয়া তেখেতৰ শৰীৰ বৰ ভালে থকা নাছিল। সেই লগ পোৱাৰ পিছত তেখেতক লগ পোৱাৰ সৌভাগ্য আমাৰ আৰু নঘটিল।
বৈশ্য ডাঙৰীয়াৰ ‘অশান্ত জন্মভূমি’ পুস্তিকাখনিৰ নামটোৱে ১৯৭৯ চনত আৰম্ভ হোৱা অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত দেশখনত দেখা দিয়া অস্থিৰ আশংকা ভৰা পৰিস্থিতিৰ ইংগিত বহন কৰিছে। পুস্তিকাখনিত ‘অশান্ত জন্মভূমি’, ‘জ্ঞানীবৰ, তুমি ওলাই আহা’, ‘নিৰাপত্তা আজি শেষ,’ ‘তোৰ জাতীয় জীৱন গঠন কৰ’, ‘সাৰে থাক সাৰে থাক’, ‘আমি যুৱক যুঁজাৰু দল’, ‘হবি তই সাৱধান’, ‘আজি তোৰ ৰক্ষা নাই’, ‘নিকা হ’ক এই মাটিখান’- এই নটা কবিতা সন্নিবিষ্ট হৈছে। প্ৰতিটো কবিতাৰ যি শিৰোনামা দিয়া হৈছে। তাতেই কবিৰ অন্তৰৰ দেশ ৰক্ষাৰ প্ৰৱল আকাংক্ষাৰ ভাৱ প্ৰকট হৈ পৰিছে। এজন দেশপ্ৰাণ লোকৰ এয়া অন্তৰৰ আকুতি। দেশ ৰক্ষাৰ বাবে দেশবাসীক