পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

 দক্ষিণ আফ্ৰিকাৰ দৰে ‘বৰ্ণভেদ’ তথা ভাৰতৰ কোনো কোনো প্ৰদেশত থকাৰ দৰে স্পৃশ্য-অস্পৃশ্যৰ জাতিভেদ প্ৰথা অসমত নাই যদিও ভাতৃঘাতী গোষ্ঠীগত সংঘাতে মাজে সময়ে অসমখন জুৰুলা কৰি পেলায়। ই আমাৰ প্ৰগতিৰ বাধাৰ প্ৰাচীৰ স্বৰূপ হৈ পৰিছে। গীতিকাৰে মৰ্মে মৰ্মে তাক উপলব্ধি কৰি আমাক যেন সচেতন কৰি দিছে—

কোচ কুমাৰ শালৈ যুগী মৰাণ চুতীয়া
নেপালী আহোম খৃষ্টান শিখ গণক মৰিয়া
পাহাৰ ভৈয়াম জনজাতি কৈৱৰ্ত বনিয়া
গোসাঁই বামুণ যত জাতিগণ মিলাই হিয়াত হিয়া
আহা আগবাঢ়ি ভাঙি কাৰাগাৰ
হওঁ আমি একাকাৰ॥

 বৈশ্যদেৱৰ গীত তথা প্ৰতিবাদী কণ্ঠত অন্যায়-অবিচাৰৰ সমালোচনা আছে। কিন্তু এই সমালোচনা ধ্বংসমূলক নহয়, গঠনমূলক। দুই-এঠাইত দেশ আৰু জাতিৰ শ্মশান যাত্ৰা দেখি তেখেতৰ কণ্ঠ যেন বাকৰুদ্ধ হ’বৰ উপক্ৰম ঘটিছে। কিন্তু সেইবুলি গীতিকাৰে চাকনৈয়াত পৰি ককবকাই নাথাকি মৰুভূমিত মৰুদ্যানৰ সন্ধান বিচাৰি পাইছে। উদ্ধাৰৰ প্ৰচেষ্টা হাতত লৈছে।

 গীতিকাৰৰ আশাবাদী মনৰ দৰে আমিও আশা কৰিব পাৰোঁ— এদিন ধুমুহা আঁতৰি মলয়াৰ আগমন ঘটিব আৰু তেতিয়া অসম আকাশ চানি ধৰা কলীয়া ডাৱৰ সমূহ আঁতৰি যাব—

বৰদৈচিলাৰ পৰশ লাগি
বসুমতী নিকা হ’ল
পুৱাৰ হিৰণ কিৰণ পৰি
পুৰণি আঁতৰি গ'ল।

 শেষত ইয়াকে কব পাৰি যে বৈশ্যদেৱৰ গীতত গীত আৰু কবিতাৰ বাবে প্ৰয়োজনীয় আটাইবোেৰ উপাদানেই আছে। কিন্তু এই গীতবোৰে পাব লগা স্বীকৃতি আজিও লাভ কৰা নাই। ইয়াৰ বাবে দায়ী বাৰু কোন? চৰকাৰ, বুদ্ধিজীৱী নে সৰ্বসাধাৰণ জনতা? এৰা, সেই দায়িত্ব আপোনাৰ, মোৰ তথা আমাৰ সকলোৰে।

লেখক ইউনিয়ন খৃষ্টিয়ান কলেজ, বৰাপানী, ছিলংৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক। ('অসমীয়া খবৰ', ২২ জুন, ২০১০ চনত প্ৰকাশিত।)