৮/১০ বছৰীয়া কিশােৰ। সেই সময়ত যাত্রাদলত আজিৰ দৰে পুৰুষ-মহিলাৰ সহঃ অভিনয় নাই। শিশু শিল্পীৰ লগত বয়সীয়া ডেকাসুলভ ব্যক্তিকো মহিলাৰ পাৰ্টৰ বাবে নির্বাচিত কৰা হয়। প্রথম অৱস্থাত মই কিশােৰ শিল্পীৰ তালিকাত নপৰিলাে। চকৰা নাচৰ বাবে পূর্বতে বাচি লােৱা প্রথম শাৰীৰ বাওঁফালৰ কিশােৰ শিল্পীজনে নৃত্য-গীত আয়ত্ব কৰিব নােৱাৰাৰ বাবে বৈশ্যদেৱে খং কৰি বাহিৰ কৰি দি মােক ওচৰলৈ মাতে যদিও মই ভয় খালাে : ‘তই পাৰিবি আহ, তােক নামাৰাে।’ শেষত তেখেতৰ চেষ্টাত মই উত্তীর্ণ হ'লাে আৰু নৃত্য- নাটিকাতো প্রহ্লাদৰ ভাওত ছাৰে মােক অভিনয় কৰিব দিলে।
তাৰ কেইবছৰমান পিছতে গাঁও এৰি গুৱাহাটী চহৰৰ (তেতিয়া নগৰ হােৱা নাই) উন্নত মানৰ আর্ট কলেজ বি. বৰুৱাৰ ছাত্র হ'লাে। সেই সময়ত দুখীয়া ছাত্র-ছাত্রীৰ বাবে দুটা সুবিধা একেলগে- 'Learning and Earning – চাকৰি কৰিয়ে পঢ়িবলৈও সুবিধা থকা Night College-ৰ নৈশ শাখাত পঢ়ি বি এ ডিগ্ৰীটো লােৱাৰ সুবিধা পালাে৷ সেই সময়ত সৌভাগ্যবশতঃ প্রয়াত উমেশ বৈশ্যদেৱক আৰু শ্ৰীযুত মাণিক চন্দ্র দত্তদেৱক একেলগে দেখা দেখি হওঁ। পৰিচয় আদান-প্রদানত দুয়ােজনৰে শিল্পীসুলভ মনৰ পৰিচয় পাওঁ। দুয়ােজন বিৰুবাৰীৰ পূৰ্ব দিশৰ নির্জন ঠাইত ঘৰ-মাটি কিনি বাস কৰিছে। ময়ো তেখেতসকলৰ ওচৰতে মাটি অলপ লৈ ঘৰ সাজিছাে। প্রায়ে লগালগি, অহা- যােৱা হয়। বৈশ্যদেৱে ৰিহাবাৰীস্থিত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদলৈ পদোন্নতি লাভ কৰে আৰু শ্ৰীযুত মাণিক দত্তদেৱ আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শিক্ষকৰ চাকৰি কৰি অৱসৰগ্ৰহণ কৰিছে।
অধ্যক্ষৰ দৰে গুৰুত্বপূর্ণ কাম কৰিও প্রয়াত বৈশ্যদেৱে সংগীত পাহৰি যােৱা নাই বৰং বহু গুণে উজলি উঠিল। সাহিত্যৰ প্ৰতি ধাউতি, কৃষ্টি-সংস্কৃতিৰ প্রতি অন্তৰ সদায় খুলি ৰাখে। জিৰণি সময়কণৰাে সদ্ব্যৱহাৰ কৰি বহু ছাত্র- ছাত্ৰীক কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰত মন দি শিকাইছে। ইং ১৯৯২ চনৰে পৰা বিৰুবাৰী শাখা সাহিত্য সভাৰ জন্ম লগ্নৰ পৰাই সাহিত্য সংস্কৃতিৰ উন্নয়ন সাহিত্যপ্রেমী শ্রদ্ধাশীল ব্যক্তিক সদস্যভুক্ত কৰা হয়। প্রয়াত বৈশ্যদেৱাে সাহিত্য সভাৰ সদস্য হৈ পৰে। অকল সাহিত্য সভাতে নহয়, বিৰুবাৰী ৰঙালী বিহু আৰু দুর্গাপূজাৰ সাংস্কৃতিক দিশৰ সকলাে ফালে সুন্দৰ ৰচনাশৈলীৰে গুৰু- গম্ভীৰ সুৰেৰে গীত-মাত গাই দৰ্শকক মুগ্ধ কৰে। মুখত মিচিকীয়া হাঁহিৰে