পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


ৰক্ষা কৰাৰ বাবে গীতিকাৰে দেশবাসীক সোঁৱৰাই দিছে-

আহিব পাৰে কাকতি ফৰিং
দিবা তাক উৰুৱাই
প্ৰয়োজন হলে হ’বা প্ৰহৰী
অগণি শিখা জ্বলাই।

 (১৬) ঘূণে ধৰা সমাজখন দেখি গীতিকাৰজন বিষাদিত হৈছে। বহুজনে সমাজৰ মংগল সাধনৰ নামত শোষণ কৰি পেট পুৰোৱা জোকৰ দৰে লৰিব নোৱাৰা হৈ পৰি আছে। এই শোষণ ৰোধ কৰোতা কোনো নাই। চাতুৰি ভৰা, প্ৰৱঞ্চনা ভৰা শোষণকে সমাজৰ প্ৰগতি সাধন বুলি সমাজৰ পৰিচালক তথা নেতাসকলে কৰা প্ৰচাৰ দেখি, নৈতিকতাৰ এনে স্খলন দেখি গীতিকাৰজনৰ হাঁহি উঠিছে

তাকেই প্ৰগতি বুলি জয়ঢোল বাজিছে
হাঁহি উঠে কথাটি ভাবি,
ৰজা-প্ৰজা আদি সকলোৱে দিলে
নৈতিকতাক বলি॥

 (১৭) স্বাধীন, গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা বুলি সকলোৱে তাৰ অৰ্থ নুবুজাকৈয়ে কৈছে। সমাজবাদী, শিক্ষিত নাগৰিক বুলি পৰিচয় দিয়া সকলেও এমুঠি ধনৰ লোভত পৰি নিজৰ বিবেক-বুদ্ধি বিক্ৰী কৰি, বিবেক ঘূণীয়া কৰিছে। ঘূণে ধৰা সেই বিবেক-বুদ্ধিৰে সজোৱা বৰঘৰ সৰহ দিন নিটিকে— সি অচিৰে ভাঙি পৰি আমাৰ (দেশবাসীৰ) মৃত্যু ঘটাব। সাধাৰণ মানুহ আমিবোৰে চাতুকাৰহঁতৰ চাতুৰি বুজিব নোৱাৰি, সৰু মনৰ অবিবেকী জনকে বৰ মানুহ পাতো, ৰজা পাতো। সেয়েই আমাৰ মহাভুল আৰু সেই ভুলৰ বাবেই গণতান্ত্ৰিক, স্বাধীন আমাৰ দেশখনত বিপ্লৱৰ অন্ত নাই। সেইবাবে সমাজৰ এই বিবেক বেচা চয়তানহঁতক চেঙক ছাঁইৰে ধৰাৰ দৰে কঠোৰ হাতে, কঠিন মুঠিৰে ধৰি সিহঁতৰ দুষ্টালি, ভণ্ডামি শেষ কৰিব লাগিব নহ'লে দেশত বিপ্লৱৰ অন্ত নপৰিব—

আহিলেই চয়তান লম্পট চেঙেলি
তাক ছটিয়াবা ছাঁই,
থাপ মাৰি ধৰিবা, পিছলিব নিদিবা
দুষ্টালি কৰিবা শেষ,