পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৩
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


উমেশ বৈশ্যৰ প্ৰগতিৰ গান’ঃ
আমাৰ উপলব্ধি

শংকৰ দাস
নাৰিকলবাৰী, গুৱাহাটী

 কিছুমান মানুহৰ জাতীয় দায়বদ্ধতা স্বতঃপ্ৰণোদিতভাৱে মনৰ গহন বনত উদয় হয় ক’ব নোৱাৰাকৈয়ে। সেই তাৰণাক লৈয়ে সৃষ্টি কৰ্মত লাগি যায়। সকলো আবেগ অনুভূতি ঢালি দি দেশ-জাতি-ভাষা-সংস্কৃতিৰ পথাৰত সৈনিক দৰে দেহ-মন উজাৰি দিয়ে। সংস্কৃতিৰ পথাৰখন সংকটে আচ্ছন্ন কৰিৰ কুঁৱলী- কুঁৱলী পৰিবেশ নিকা কৰি পোহৰ বিচাৰি হাবাথুৰি খায় কেনিও বাট বিচাৰি নাপাই হাতত তুলিকা লৈ সৃষ্টিৰ উন্মাদনাত ব্যাকুল হৈ পৰে শিল্পী প্ৰাণে, সৃষ্টি হয় “প্ৰগতিৰ গান”। প্ৰয়াত উমেশ বৈশ্য, এজন শিক্ষাসদীব্যক্তিৰ তাড়নাৰ মূৰ্ত প্ৰকাশ “প্ৰগতিৰ গান”।

 সমাজৰ এলান্ধুবোৰ, যুৱ মানসিকতাৰ অথন্তৰবোৰ সাৰি-মছি নিকা কৰি সংস্কৃতিৰ সুৰম্য পথেৰে কেনেকৈ আগবঢ়াই লৈ যোৱা যায় আজিৰ সমাজখন তথা যুৱ প্ৰজন্মক, সেই আহ্বানৰ আকুল বিননিত সৃষ্টি হয় - সমন্বয়ৰ গান।

“আমি ৰং বিৰঙৰ ফুল ফুলিছোঁ
 নিজৰ নিজৰ ৰঙে
নাচি বাগি খেল খেলিছোঁ।
 এখন ফুলনিতে।”

 এক উদাৰ মানসিকতাৰ পৰিচয় দি সকলোকে বাৰে-বৰণীয়া সংস্কৃতিৰ মৌচাকৰ পৰা মধু বিতৰণ কৰাৰ দুৰন্ত হাবিয়াস প্ৰগতিৰ গানত প্ৰকাশ পাইছে। এয়াই হ’ল আমাৰ প্ৰগতিৰ মূলধন। সমন্বয়ৰ বাটেৰে আগবাঢ়ি ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি সজ্ঞান সচেতন হ’বলৈ আহ্বান জনাইছে আকুল ভাৱে। ভণ্ডামিৰ বিপৰীতে চয়তানৰ মুখা খুলি দি প্ৰগতিৰ জয়গান গাবলৈ আহ্বান জনাই খাটি খোৱা মানুহখিনিক সকীয়াই দিছে। নহ'লে যে নিপীড়নৰ ওৰ নপৰিব তাক আঙুলিয়াই