পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৩
অন্যান্য (শােক প্রস্তাৱ, চিঠি-পত্র, বংশাৱলী ইত্যাদি)


দুই বৃক্ক বিকল এগৰাকী কৃতী শিক্ষক
সাহায্যৰ বাবে আবেদন

 প্রতিদিন সংবাদ, গুৱাহাটী, ২৬ জুলাইঃ এগৰাকী কৃতী শিক্ষক উমেশ চন্দ্র বৈশ্য। অৱশ্যে কেৱল শিক্ষকতা বৃত্তিতেই মানুহগৰাকীৰ প্ৰতিভা সীমাবদ্ধ বুলি ভাবিলে ভুল হ'ব। যশস্বী গায়ক, সুদক্ষ সুৰকাৰ, সাহিত্যিক সর্বোপৰি এগৰাকী নীৰৱ সমাজকর্মী শ্রীবৈশ্য। অসম সাহিত্য সভাৰ বিৰুবাৰী শাখাৰ সক্রিয় সদস্য উমেশ বৈশ্য বর্তমান গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ। পৰিতাপৰ কথা হ’ল— শ্রীবৈশ্য বর্তমান বৃক্ক বিকলতা ৰােগত ভুগি আছে। চিকিৎসকসকলৰ মতে তেওঁৰ দুয়ােটা বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। বর্তমান অৱস্থাত অন্য কাৰােবাৰ পৰা বৃক্ক প্রতিষ্ঠাপন কৰাৰ বাহিৰে কোনাে বিকল্প ব্যৱস্থা নাই। শ্রীবৈশ্যৰ বাবে এই কার্য অতিশয় ব্যয়বহুল আৰু কষ্টকৰ। বৃক্ক প্রতিষ্ঠাপন কৰি জীৱন ৰক্ষাৰ বাবে ছয়-সাত লাখ টকাৰ জৰুৰীভাৱে আৱশ্যক হৈ পৰিছে। এনে পৰিস্থিতিত শ্রীবৈশ্যৰ প্ৰতি আর্থিক সহায়ৰ হাত আগবঢ়াবলৈ বিৰুবাৰী শাখা সাহিত্য সভাই ব্যক্তি, অনুষ্ঠান আৰু ৰাজ্যিক তথা কেন্দ্রীয় চৰকাৰৰ প্রতি বিনম্ৰ অনুৰােধ জনাইছে। যােগাযােগৰ ঠিকনা : উমেশ চন্দ্র বৈশ্য, বিৰুবাৰী, বাথৌ মন্দিৰ পথ, পােঃঅঃ গােপীনাথ নগৰ, গুৱাহাটী-১৬।

৮/৮/৯৮ত ‘অসমীয়া প্রতিদিন’ত প্রকাশিত।

অসুস্থ সমাজকৰ্মীৰ চিকিৎসা :
শাখা সাহিত্য সভাৰ আহ্বান

 গুৱাহাটী, ২০ জুলাই : বিৰুবাৰী শাখা সাহিত্য সভাৰ নিষ্ঠাবান সক্রিয় সদস্য উমেশ চন্দ্র বৈশ্যই বর্তমান গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি আছে। তেওঁ একেধাৰে এজন কৃতী শিক্ষক, যশস্বী গায়ক, সুদক্ষ সুৰকাৰ আৰু নীৰৱ সমাজকর্মী। তেওঁৰ ভালেমান প্রবন্ধ, কবিতা, গীত আদি ইতিমধ্যে কেবাখনাে অসমীয়া আলােচনীত প্রকাশ পাইছে আৰু তেওঁ একাধিক পাঠ্যপুথিও ৰচনা কৰিছে।