পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

আছিল গিৰীন্দ্ৰ নাথ শৰ্ম।

 ১৯৬৭ চনত বিদ্যালয়লৈ আহিল শ্ৰীযুত ধৰ্মেশ্বৰ পাঠক আৰু শ্ৰীযুতা পুষ্প দাস। ধৰ্মেশ্বৰ পাঠক সংস্কৃত শিক্ষক আছিল যদিও ইংৰাজীত আছিল বিশেষ দখল। সুৱাগী, সদালাপী, সৎপুৰুষ ধৰ্মেশ্বৰ পাঠকৰ উপস্থিতিয়ে জিৰণি কোঠাৰ ৰহন চৰাইছিল। পুষ্প দাসে কৃতি শিক্ষয়িত্ৰী ৰূপে ইংৰাজী বিষয়ত শিক্ষাদান দিছিল। এইখিনি সময়তে আন দুগৰাকী কৃতি শিক্ষক আহিছিল। তেওঁলোক হ’ল অৰুণ শৰ্মা আৰু সত্যেন্দ্ৰ দাস। দুয়ো গৰাকীয়ে বি.এছ.চি. আছিল। তেওঁলোকৰ শিক্ষাদানত অঙ্ক বিষয়টো প্ৰাণৱন্ত হৈ উঠিছিল।

 ১৯৭০ চনত বি.এছ.চি. শিক্ষয়িত্ৰী হিচাপে যোগদান দিলেহি শ্ৰীযুতা মঞ্জুশ্ৰী দেৱীয়ে। দ্বিতীয়খন কাৰ্যকৰী কমিটিৰ কাৰ্যকাল তেতিয়া শেষ হৈছিল। তৃতীয়খন কাৰ্যকৰী কমিটিৰ সম্পাদক আছিল শ্ৰীযুত বিনয়ভূষণ চৌধুৰী আৰু সভাপতি আছিল শ্ৰীযুত উমাকান্ত শৰ্মা।

 এইখন কমিটিয়ে উচ্চ মাধ্যমিক বিদ্যালয়খনো ঘাটিমঞ্জুৰীপ্ৰাপ্ত স্তৰলৈ উন্নীত কৰাৰ চিন্তা কৰিলে। সেয়েহে কমিটিয়ে পোন প্ৰথমে ঘাটিমঞ্জুৰী স্তৰলৈ উন্নীত কৰিবলৈ হ'লে পূৰণ কৰিবলগীয়া প্ৰথম চৰ্ত এগৰাকী উপযুক্ত অৰ্হতা সম্পন্ন প্ৰধান শিক্ষয়িত্ৰীৰ প্ৰয়োজন অনুভৱ কৰিলে। সেই মতে উপযুক্ত অৰ্হতা সম্পন্ন অৰ্থাৎ বি.এ., বি.টি. আৰু লগতে ৰাজ্যিক বাছনি পৰিষদৰ দ্বাৰা নিৰ্বাচিত প্ৰধান শিক্ষয়িত্ৰী বিচাৰি কমিটিয়ে কাগজত বিজ্ঞাপন দিলে। সেই বিজ্ঞাপন মতে যি কেইগৰাকী প্ৰাৰ্থী হ’ল তাৰ ভিতৰত এগৰাকী হ’ল এই বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুতা ভুৱনেশ্বৰী দেৱী। তেখেতৰ বাহিৰে এই বিদ্যালয়ৰ তৰফৰ পৰা আন কোনো প্ৰাৰ্থী নোলাল। কমিটিয়ে বিদ্যালয়ৰে প্ৰাৰ্থী গৰাকীক যোগ্য বিবেচনা কৰি প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিলে। এই নিযুক্তি মৰ্মে শ্ৰীযুতা ভুৱনেশ্বৰী দেৱী বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হ’ল। তেতিয়া ১৯৭০ চন। ভুৱনেশ্বৰী দেৱী বাইদেউ প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ আগে আগে ১৯৬৩ চনৰ প্ৰতিষ্ঠাপিকা প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা প্ৰিয়লতা কাকতি বাইদেউ এদিন বিদায় সম্বৰ্ধনা বিহীনা হৈ কমিটিৰ আবেদন মৰ্মে সকলোৰে অলক্ষিতে এই বিদ্যালয় এৰি গুচি গ'ল। এইখিনিতে উল্লেখযোগ্য যে প্ৰিয়লতা কাকতি বাইদেউ যোৱাৰ আগে আগে ৰোহিণী তালুকদাৰ ৰোহিণী শৰ্মালৈ ৰূপান্তৰিত হ’ল। ১৯৭০ চনতো বিদ্যালয় একে পদ্ধতিত চলি থাকিল।