প্ৰয়াত বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণত
সুৰেন কাকতি
বিৰুবাৰী, গুৱাহাটী
কৰ্মৰ আধাৰতহে এজন মানুহৰ ব্যক্তিত্ব বিশ্লেষণ কৰিব পাৰি। দেখাত সাধাৰণ যেন লগা মানুহ কিছুমানৰ ভিতৰতো যে অসাধাৰণ গুণ পুঞ্জীভূত হৈ থাকে সেই কথা মানুহজনৰ সংস্পৰ্শত আহি মত বিনিময় কৰিলেহে জনা যায়। তেনে এজন অতি কীৰ্তিমান লোক আছিল প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য। তেখেতৰ লগত মোৰ চিনা পৰিচয় ঘটে ১৯৭৩ চনত। তেতিয়া মই আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত গণিতৰ বিষয় শিক্ষক হিচাবে কাম কৰিছিলোঁ আৰু সেই সূত্ৰে বিৰুবাৰীত থাকিবলৈ লৈছিলোঁ। মানুহজনৰ অতি নম্ৰ আৰু সকলোকে আপোন কৰি ল'ব পৰা স্বভাৱে মোক আকৰ্ষণ কৰিছিল আৰু দুয়োৰে মাজত বন্ধুত্ব স্থাপন হৈছিল। সেই সময়ত তেখেতে বাণীকান্ত সোঁৱৰণী ছোৱালী উচ্চ মাধ্যমিক স্কুলৰ এজন সহকাৰী শিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।
শিক্ষাই আছিল তেখেতৰ জীৱনৰ ব্ৰত। এই কথাটি তেখেতৰ কৰ্ম জীৱনৰ পৰাই পৰিস্ফুট। তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈয়ে বালিলেছা কালিমন্দিৰ হাইস্কুলত কিছুদিন শিক্ষকতা কৰিছিল। তাৰ পিছত আই এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ বড়িদতৰা হাইস্কুলত শিক্ষকতা কৰিছিল। এনেকৈয়ে পঢ়ি থকা সময়ৰে পৰা তেখেতে বাণেকুছি হাইস্কুল, বিষ্ণুৰাম মেধি হাইস্কুল, পানীগাঁও মিলন হাইস্কুল আদিত শিক্ষকতা কৰিছিল। ইয়াৰ পিছতো ১৯৬৫ চনত বিএ পাছ কৰি গুৱাহাটীৰ ডনবস্কো হাইস্কুল, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰি শেষত ১৯৬৬ চনত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত স্থায়ী শিক্ষক হিচাবে যোগদান কৰে। ইয়াৰ মাজতে তেখেতে ১৯৬৭ চনত অসমীয়া বিষয়ত এম.এ. আৰু ১৯৮৫ চনত বি.টি, ডিগ্ৰী লাভ কৰে। ১৯৯১ চনত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত ১৯৯২ চনত এই বিদ্যালয়তে অসমীয়াৰ বিষয় শিক্ষক