পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

প্ৰাণৰ আপোন দেশ ৰাখিবলৈ
শক্তিশালী কলম ধৰ।

 অন্ধসংস্কাৰ, কুসংস্কাৰ আদি পৰিত্যাগী যুক্তিবাদী ৰুচি-সংস্কৃতি গঢ় দিবলৈ আৰু বিজ্ঞান ভিত্তিক সমাজ সৃষ্টিৰে প্ৰগতিৰ যাত্ৰা ত্বৰান্বিত কৰিবৰ বাবে যত্নপৰ হ’বলৈ বৈশ্য ডাঙৰীয়াই গাইছে—

আদিমযুগ আজি পাৰ হৈ গ'ল
ভয়াল প্ৰকৃতিৰ ৰহস্য আৱৰণ,
বিজ্ঞান সাধনাত খোল খাই গ'ল
যুক্তি তত্ত্বৰ প্ৰমাণ বলত
ভ্ৰান্ত ধাৰণা নাইকিয়া হ'ল
......................................।

 বিশাল এই পৃথিৱীখনক জানিবলৈ, বুজিবলৈ আৰু অসীম জ্ঞানৰ অধিকাৰী হোৱাৰ প্ৰয়োজন আঙুলিয়াই দি সীমান্ত পাৰ হৈ ঘূৰি ফুৰাৰ বাবে আৰু বৃহৎ মানৱ সমাজক সাবটি ধৰিবলৈ আহ্বান জনাই তেওঁ গাইছে—

যা যা যা যা অসমীয়া
সীমান্ত পাৰ হৈ যা
কেনেকৈ ঘূৰিছে বিশাল পৃথিৱী
চা চকু মেলি চা॥

 প্ৰগতিৰ বাবে চিঞৰি চিঞৰি শুষ্ক কণ্ঠ তিয়াবলৈ আৰু বিশ্ব ভ্ৰাতৃত্ববোেধত নিজক সমৰ্পণ কৰিবলৈ তথা ঠেক চিন্তা আৰু বিচ্ছিন্নতাবাদ এৰি প্ৰগতিশীল সমাজ গঢ়াৰ আহ্বান জনাই গাইছে—

প্ৰগতিৰ যাত্ৰাত স্থবিৰ অসমীয়াৰ
স্থান আজি নাই ক'তো নাই।
কক্ষচ্যুত হৈ ক'ৰবাত পৰি ৰ'ল।
নিজৰ আসন হেৰুৱাই
আজিৰ অসমীয়াই
ভাল বেয়া নিচিনি
প্ৰগতিৰ দৌৰত আছে পিছুৱাই
সঙ্গী যাত্ৰীবোৰ গলৈ আগুৱাই।

 শ্ৰমজীৱী মানুহৰ সৈতে একাত্ম হৈ শ্ৰমিক-কৃষকৰ মৰ্মবেদনা উপলব্ধ