মাজত সূৰ্য্য বৈশ্য আছিল মধ্যমণি। তেখেতৰ মহাদেৱৰ তাণ্ডৱ নৃত্যই হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰি ৰাখিছিল। ভ্ৰাম্যমান থিয়েটাৰত তেখেতে নটসূৰ্য ফণী শৰ্মা আদিৰ লগতো অভিনয় কৰিছিল। এনে হেন সংস্কৃতি সম্পন্ন বংশ পৰম্পৰা থকা পৰিয়ালৰ পৰা অহা মাতৃৰ গৰ্ভত উমেশ বৈশ্যৰ জন্ম হৈছিল। ‘নৰানাং মাতুল আকৃতি’ এই আপ্তবাক্যটি বন্ধু উমেশ বৈশ্যৰ জীৱনত সুন্দৰভাৱে প্ৰতিফলিত হৈছিল।
উমেশ বৈশ্যই বালিলেছা মজলীয়া বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে। শিশুকালৰ পৰাই তেওঁ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। বৈশ্য অকল পাঠ্যপুথিতে আৱদ্ধ নাছিল। শিশুকালতে সংগীত, বাজনা, আবৃত্তি আদিৰ প্ৰতি বিশেষ ভাবে মনযোগী আছিল। বিদ্যালয়ত অনুষ্ঠিত কবিতা, ৰচনা, গীত-নাট আদিত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল। মজলীয়া বিদ্যালয়ত সুন্দৰভাৱে উত্তীৰ্ণ হৈ জলপানি লাভ কৰে। এইখিনিতে উল্লেখযোগ্য যে উমেশ বৈশ্যই বালিলেছা গাঁৱৰ প্ৰথম স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক।
আমি আগতে উনুকিয়াইছোঁ যে উমেশ বৈশ্যৰ আৰ্থিক অৱস্থা ভাল নাছিল কিন্তু মনৰ অদম্য ইচ্ছা আৰু একাগ্ৰতাৰ ফলত জীৱন যুঁজত তেওঁ জয়ী হৈছিল। আই. এছচি, পাচ কৰাৰ পিছৰে পৰা উপাৰ্জন পথৰ অন্বেষণ কৰিবলৈ বাধ্য হৈছিল। বড়িদতৰা শ্ৰীবিষ্ণুৰাম মেধি হাইস্কুলত সামান্য মাননি লৈ বিজ্ঞান শিক্ষক হিচাবে কিছুদিন শিক্ষকতা কৰিছিল। সেই সময়ত চাৰিজন ভায়েকৰ শিক্ষা-দীক্ষাৰ প্ৰতিনজৰ দিয়াৰ দায়িত্বও বৈশ্যৰ ওপৰত পৰাত অৰ্থৰ অন্বেষণত তেওঁ গুৱাহাটীলৈ যায়। গুৱাহাটীত কেইটামান সম্ৰান্ত পৰিয়ালৰ লগত তেওঁৰ চিনাকী হয়। তেওঁলোকৰ ল'ৰা-ছোৱালীক টিউচন কৰাৰ বাবে উমেশ বৈশ্যক আমন্ত্ৰণ কৰি নিছিল। এনেদৰে টিউচন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে নিজৰো আৰ্থিক সচ্ছলতা আহিছিল। উমেশ বৈশ্য কোনোদিনে নিজ লক্ষ্যৰ পৰা বিচ্যুত হোৱা লোক নহয়। শৈক্ষিক ক্ষেত্ৰত নিজৰ উন্নতিৰ উপৰিও ভাই-ভনীকেইজনৰ উন্নতি হোৱাটো সদায় লক্ষ্য কৰিছিল। তাৰ ফলত কনিষ্ঠ ভাতৃ শ্ৰীৰমেশ বৈশ্য, শ্ৰীঅতুল বৈশ্য, শ্ৰীৰমেন বৈশ্য, শ্ৰীৰাতুল বৈশ্য প্ৰত্যেকেই সমাজৰ বিভিন্ন কৰ্মক্ষেত্ৰত একোজন সফল ব্যক্তি বুলি পৰিগণিত হৈছে। বিভিন্ন কৰ্মব্যস্ততাৰ মাজতো তেওঁ সমাজৰ নানা গঠনমূলক কৰ্ম, অনুষ্ঠান- প্ৰতিষ্ঠান, নিজ ঘৰখনৰ উন্নতি আৰু জন্ম গাঁৱৰ প্ৰতিজন মানুহৰ মংগলৰ বাবে