পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


বৌদ্ধসকল, পশ্চিম দেশীয় মুছলমান আৰু মিছনাৰী সকলাে আহি ভাৰতভূমিত ভাৰতবাসী নামে পৰিচিত হৈ ভাৰতীয় মহাজাতি গঠন কৰিছে। হিন্দুস্থান নামে জনাজাত এই ভাৰতভূমিত সকলােৱে মিলি ভাৰতবৰ্ষক এক মিলনতীর্থ ৰূপ দি দেশক মহান কৰাৰ বাবে গীতিকাৰে আহ্বান জনাইছে—

ভাৰতবর্ষ আমাৰ দেশ
মিলন তীর্থ আমাৰ দেশ
আমি মহাজাতি
মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান।

 (৫) স্বাধীন ভাৰতৰ সমাজত শান্তি প্রতিষ্ঠা নহ'ল। দেশৰ জনতাই আশা কৰা শান্তি পৰাহত হ’ল। দেশৰ জাতি-উপজাতিৰ মাজত ভেদাভেদৰ প্রাচীৰ, কাৰাগাৰ নিৰ্মাণ হ’ল। স্বাধীন ভাৰতত বুদ্ধ, গান্ধী, অশােকৰ আদর্শ নিশ্চিহ্ন হ’ল— পৰাধীন যুগৰ কলীয়া এন্ধাৰ পুনৰ নামি আহিল স্বাধীন ভাৰতলৈ। ক্ষমতাৰ বলত দেশৰ নেতা-নেত্রীসকলে দেশৰ মঙ্গলৰ হকে লােৱা প্রতিজ্ঞা পাহৰিলে, দেশনায়কৰ জ্ঞান ডাৱৰৰ ছাঁই আৱৰি ধৰিলে। ক্ষমতাত অন্ধ হৈ দেশপ্রেমিক দেশনায়কসকল প্রতিজ্ঞা পাহৰি ভুল পথেৰে অনুধাৱিত হােৱাৰ পৰিণতিত দেশৰ বুকুত অশান্তিৰ প্রচণ্ড জুই জ্বলি উঠিল—

দেশপ্রেমিক, তই ভুল পথে ওলালি
ক্ষমতান্ধ হৈ প্রতিজ্ঞা ভুলিলি
জ্ঞানান্ধ হৈ তই আদর্শ নাশিলি,
তােৰেই ভুলতে আজি দেশৰ মাটিত
লেলিহান জুইশিখা জ্বলি উঠিল।

 (৬) ইংৰাজ কবি শ্যেলীয়ে সমাজৰ কলুষ-কালিমা আঁতৰাই নিয়াৰ বাবে প্রচণ্ড পশ্চিমা বতাহক আহ্বান কৰাৰ দৰে স্বদেশৰ বুকুৰ বিষবৃক্ষ স্বৰূপ কলুষ-কালিমা আঁতৰাই পেলাবৰ বাবে গীতিকাৰজনে পশ্চিমা বতাহৰ দৰেই প্রচণ্ড ধুমুহা, পছােৱা আৰু বৰদৈচিলাক আহ্বান জনাইছে।

 অনিয়ম-অনাচাৰৰ বৃষবৃক্ষৰ ছাঁ লৈ সমাজত অমানুহেই মানুহ হৈ উচ্চ স্থান লাভ কৰিছে। অমানুহৰ আদেশত জ্ঞানীজন চলিব লাগিছে। অজ্ঞানী অমানুহৰ অহংকাৰে জ্ঞানৰ বিশালতা ধ্বংস কৰি মানৱতা নাশ কৰিছে। অজ্ঞানী