চন্দ্ৰ বৈশ্য - উমেশ দাদা। মোৰ সংগীতজ্ঞ পিতৃ প্ৰয়াত জমিৰুদ্দিন আহমেদ বহু প্ৰিয় শিষ্যৰ ভিতৰৰ অন্যতম।
ইতিমধ্যে দেউতাৰ লগত দাদাৰ কথোপকথন আৰম্ভ হৈছিল। মায়ে জ্বলাই দিয়া কেৰাচিন তেলৰ লেম্প এটাৰ ঈষৎ উজ্জ্বল পোহৰত তেওঁলোকৰ আলোচনাই পাগত উঠিছিল। কোঠাটোৰ বতাহখিনিত পাকঘূৰণী খাই শব্দবোৰ উফৰি আহি সিটো কোঠাত পঢ়ি থকা মোৰ কাণতো পৰিছিল। তেওঁলোকৰ কথা-বাৰ্তাৰ বিষয়বস্তু আছিল শাস্ত্ৰীয় সংগীত আৰু অসমৰ সংগীত শিল্পী, সুৰকাৰ আৰু গীতিকাৰসকল। শাস্ত্ৰীয় সংগীতৰ তাত্বিক দিশৰ অনুপুঙ্খ বিশ্লেষণবোৰ মোৰ দৰে শিশুমনে একো উৱাদিহ পোৱা নাছিল যদিও দাদাৰ কথন ভংগী, সাৱলীল কণ্ঠস্বৰে মোক আকৰ্ষিত কৰিলে। ক’ব নোৱাৰাকৈ মই মোৰ পঢ়া টেবুল এৰি আহিলো আৰু দুয়োটা কোঠাৰ সংলগ্ন দুৱাৰখনৰ আঁৰ লৈ এখন ওখ পীৰাত থিয় হৈ তেওঁলোকৰ আলোচনাবোৰ শুনিবলৈ ধৰিলো। এনেতে দাদাই মোক সেইদুৱাৰৰ আঁৰত আবিষ্কাৰ কৰিলে। তেখেতে হাঁহি হাঁহি মোক ওচৰলৈ মাতিলে। লাজ আৰু সংকোচেৰে মই আগবাঢ়ি গ'লো তেখেতৰ ওচৰলৈ। মোৰ কণমানি হাতখনত ধৰি মৰমেৰে সুধিলে পঢ়াৰ কথা। গণিত বিষয়টো কেনে লাগে, অংকবোৰ কেনেদৰে কৰা উচিত, অইন বিষয়বোৰ কেনেদৰে পঢ়িব লাগে ইত্যাদি উপদেশ দিলে। ইতিমধ্যে মোৰ মনত গোট মাৰি ধৰা লাজ, ভয়, সংকোচ, আঢ়ষ্টতা আদি কৰ্পূৰৰ দৰে নিমিষতে উৰি গৈছিল। সিদিনা স্কুলত কৰিবলৈ দিয়া পাটিগণিতৰ বুজি নোপোৱা এটি ঐকিক অংক মই দাদলৈ আগবঢ়াই দিলো। মোৰ স্মৃতিয়ে যদি ফাকি দিয়া নাই তেনেহ'লে অংকটো আছিল এনেধৰণৰ— এটা সেনা শিৱিৰত আঠশ জন সেনাৰ বাবে পঞ্চল্লিশ দিনৰ খাদ্য মজুত আছিল। পোন্ধৰ দিন পিছত সেই শিৱিৰলৈ আৰু এশজন সেনা নতুনকৈ আহিল। বাকী থকা খাদ্যৰে এই সৈন্যসকলৰ কিমান দিন যাব?
দাদাই অংকটো কৰি দিয়াৰ আগতে মোক ভাৰতীয় সৈন্য বাহিনীৰ কথা ক'লে। আৰু ক'লে ভাৰতীয় সৈন্যৰ যুদ্ধক্ষেত্ৰত দেখুওৱা পৰাক্ৰমৰ কাহিনী, বিশেষকৈ ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত বীৰত্ব সহকাৰে শ্বহীদ বৰণ কৰা ভাৰতীয় সৈন্যৰ হাবিলদাৰ আব্দুল হামিদৰ বীৰত্বৰ কাহিনী। আমাৰ দেশৰ কোন কোন ঠাইত সেনা শিৱিৰ আছে, এটা সেনা শিৱিৰৰ নিয়ম-কানুন কেনেকুৱা আদি বহু নজনা কথা মোক জানিবলৈ দিলে। মোৰ শিশু মানসত ভাহি উঠিল এটা সেনা শিৱিৰ, সেনাবোৰৰ ব্যস্ততাপূৰ্ণ আহযাহৰ