পৰিবৰ্তে আনৰ আগত সেই মাটি তেওঁলোকৰ দেউতাকহঁতেহে কিনা বুলি প্ৰচাৰ কৰে আৰু সেই মাটিখিনি আমাৰ দেউতাই কিনা বুলি ক’বলৈ আমাৰ মাইহে আমাক শিকাই দিয়া বুলি দাবী কৰে। এই কথাখিনি একান্ত ঘৰুৱা হলেও ই দেউতাৰ লগত জড়িত সত্য আৰু সেয়েহে এই কথাখিনি ইয়াত উল্লেখ কৰাৰ লগতে সেই বিশেষ পত্ৰখনৰ প্ৰতিলিপিও এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা হ'ল।
এইদৰেই জীৱনৰ নানা তিতা-মিঠা অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ হৈ দেউতাই ১৯৯৮ চনত স্কুল-কলেজীয়া অৱস্থাতে আমাক এৰি গুছি গ'ল। নিজৰ এজন সন্তানকে প্ৰতিষ্ঠিত ৰূপত দেউতাই দেখা নাপালে।
যোৱা ২০ বছৰে মায়ে চৰ্তবিহীন ভাবে অশেষ কষ্ট/ত্যাগ/প্ৰত্যাহ্বান স্বীকাৰ কৰি আমাক পঢ়াই শুনাই আজিৰ পৰ্যায়লৈ আনিলে। এই ২০ বছৰে প্ৰতিদিনে ৰাতিপুৱা গা ধুই উঠি মায়ে দেওতাৰ ফটোখনৰ সমুখত চাকি জ্বলাই প্ৰণাম কৰা দেখি আহিছোঁ। যেতিয়াই মই কিবা কথাত হতাশ হওঁ বা ভাগি পৰোঁ তেতিয়াই দেউতাৰ কবিতা বা গান বা প্ৰৱন্ধৰ কিতাপ এখন হাতত তুলি লওঁ আৰু কব নোৱাৰাকৈয়ে কিবা এক অদৃশ্য শক্তি অনুভৱ কৰোঁ আৰু জীৱনটোক আগুৱাই নিয়াৰ প্ৰেৰণা পাওঁ। হয়তো এইয়া দেউতাৰ আশীৰ্বাদ। তেওঁক স্মৰণ কৰিহে আমি যিকোনো এটা কামৰ আৰম্ভণি কৰোঁ। এনে এজন বিৰল প্ৰতিভাধৰ ব্যক্তিৰ সন্তান হ’বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু মোৰ এই লেখাৰে দেউতাক স্মৰণ কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাছিলোঁ।•
(লেখক প্ৰয়াত উমেশ বৈশ্যৰ দ্বিতীয় পুত্ৰ আৰু চৰকাৰী পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ
মহাবিদ্যালয়, বিহালী, বিশ্বনাথৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক তথা মুৰব্বী।)