পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬২
২৬২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

যাতনাৰ প্ৰতি থকা তেওঁৰ সহমৰ্মীতা তথা সমাজৰ প্ৰগতিৰ বাবে ঐক্যবদ্ধ সামাজিক সংগ্ৰামৰ প্ৰয়োজনীয়তাৰ বিষয়বোৰকেই আঙুলিয়াই দিব খুজিছে।

 সামাজিক ঐক্য বিচাৰি গাইছে—

নানা জাতিৰ সমন্বয়ত
আমি অসমীয়া,
সেয়েহে, আমাৰ সংস্কৃতি
বাৰে বৰণীয়া।
...................................
...................................
নাচি বাগি খেল খেলিছো
এখন ফুলনিতে।

 বিভিন্ন ভাষা-ভাষী জনগোষ্ঠীক একেখন ছাতাৰ তলত পোৱাৰ বাবে সাতভনীৰ ঐক্য কটকটীয়া কৰিবলৈ তেওঁ গাইছে—

বড়ো মণিপুৰী খাচিয়া ত্ৰিপুৰী
খামতি ভগনী গণ
আহা আগুৱাই লুচাই নাগিনী
কৰো আমি আলিঙ্গন।

 আকৌ বিভেদকামী শক্তিৰ চক্ৰান্তত সাতভনীৰ ঐক্য থানবান হ’ব ধৰাৰ ফালে চাই দুখত সুঁৱৰিলে—

আই অসমীৰ একেখন চোতালত
আমি সাতোজনী ভনী
যুগ যুগ ধৰি একেলগে মিলি
কৰিলোঁ কত ধেমালি,
আজি বিবেদকামীৰ চাতুৰি খেলত
হেজাৰ হাতীৰ হেৰুৱালোঁ বল
শক্তিহীনা যে আমি
সেয়েহে আমাৰ চৌদিশে আজি
এন্ধাৰৰ আৱৰণ।

 ৰাষ্ট্ৰশক্তিৰ অংশ হৈ লুণ্ঠনৰ স্বাধীনতা পোৱাৰ বাসনাৰে মতলীয়া পৰা চামৰ সমাজে নামানা নেতা সজাৰ প্ৰতিযোগিতাৰ ফালে চাই বেদনাহত