পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

উমেশ বৈশ্য ডাঙৰীয়াৰ ৰচিত ‘প্ৰগতিৰ গান’ সংকলনটোৰ এটি মূল্যায়ন

ডাঃ শৰদিন্দু বিশ্বাস

আনন্দনগৰ, লালগণেশ,

গুৱাহাটী-৩৪

 গীতিকাৰ, গায়ক তথা সাহিত্যিক উমেশ বৈশ্যৰ কৃতি সন্তান, উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ জ্যেষ্ঠ গৱেষক ছাত্ৰ শেখৰজ্যোতি বৈশ্যই তেওঁৰ দেউতাকৰ সৃষ্টি ‘প্ৰগতিৰ গান’ সংকলনখনৰ মূল্যায়ণৰ বাবে জনোৱা অনুৰোধ স্বীকাৰ কৰা মোৰ বাবে কঠিন বিষয় যদিও অৱজ্ঞা কৰিব নোৱাৰিলো। মই গায়ক নহওঁ নাইবা গীতিকাৰো নহওঁ। সংগীতৰ ৰস আহৰণত থকা ধাউতি আৰু সাহিত্য ৰসত ৰসিক তথা এজন সমাজকৰ্মী হিচাবে মূল্যায়ণ কৰিবলৈ চেষ্টা কৰিছো।

 গোটেইটো সংকলন কেবাবাৰো পঢ়িলো। সহজ, সৰল শব্দ চয়নেৰে প্ৰয়াত বৈশ্যই লিখি থৈ যোৱা আৰু সুৰ দিয়া গানকেইটাৰ প্ৰাণসত্ত্বা সমাজ জীৱন বুলি মানি লোৱাৰ বাহিৰে কোনো উপায় নাই। এজন সফল শিক্ষক আৰু অধ্যক্ষৰ দায়িত্ব দক্ষতাৰে সৈতে পালন কৰি পৰিয়ালৰ অভাৱ-অভিযোগ পূৰণৰ দায়িত্ব পালন তথা সন্তানসকলৰ শিক্ষাৰ ক্ষেত্ৰত লোৱা সকলো ব্যৱস্থা নিষ্ঠাৰে পালন কৰি যোৱা প্ৰয়াত উমেশ বৈশ্যৰ প্ৰগতিৰ গান’ সংকলনটোৱে সমাজৰ প্ৰতি থকা দায়বদ্ধতাকেই সূচাইছে।

 কালজয়ী অৱক্ষয়, অপসংস্কৃতি, দুৰ্নীতি, ব্যভিচাৰ, অনাচাৰ, অত্যাচাৰ আৰু শোষণত জুৰুলা আজিৰ মানৱ সমাজত দায়বদ্ধতাৰ কথা মনত অনাতো যেতিয়া গভীৰ প্ৰশ্ন হৈ থিয় দিছে; যেতিয়া সংগীতৰ বিৱৰ্তনৰ ধাৰণাক অস্বীকাৰ কৰি এফালে ৰক্ষণশীলতা, অইনফালে বিবেকহীন, সংস্কৃতিহীনতাৰ লেকামহীন জয়যাত্ৰাত সংগীতে সকলো মাধুৰ্য, কাৰ্যকাৰিতা আৰু মূল্য হেৰুৱাই ভুল পথেৰে খোজ কাঢ়িছে, তেনে এটি সন্ধিক্ষণত বৈশ্য ডাঙৰীয়াই ‘প্ৰগতিৰ গান’ ৰচি সুৰ দি গাবলৈ নীৰৱে সংগ্ৰাম চলাই যোৱাৰ মাজেৰে তেওঁৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু বিভিন্ন অংশৰ ৰাইজৰ জীৱন