পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

বন্ধুবৰ প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যক সুঁৱৰি

হেম ডেকা
ৰূপনগৰ, গুৱাহাটী

 সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিভিন্ন কামত জড়িত হৈ ঘূৰি ফুৰোতে বিভিন্ন চিন্তাধাৰাৰ লোকৰ সৈতে ভাৱ বিনিময় কৰাৰ সুবিধা পাই আহিছোঁ। কোনোজনৰ চিন্তাধাৰা অন্তৰ্মুখী আৰু কোনেজনৰ বহিৰ্মুখী। আকৌ কোনোজন আত্মকেন্দ্ৰিক আৰু কোনোজন হয়তো নিঃস্বাৰ্থ ব্যক্তি। চিন্তাধাৰাৰ ভিন্নতা থাকিলেও সকলো শ্ৰেণীৰ লোকেই আত্ম প্ৰতিষ্ঠাৰ কাৰণে একো একোটা। সময়ত বিশেষতঃ জীৱনৰ প্ৰস্তুতিৰ সময়চোৱাত সংগ্ৰাম কৰিব লগা হয়। আত্ম নিৰ্ভৰশীল লোকসকলে সদায় সংগ্ৰামী জীৱন যাপন কৰি আহিছে। তেনেলোকে শূন্যৰ পৰা আৰম্ভ কৰি হলেও এটা সময়ত সফল ব্যক্তিৰূপে নিজক প্ৰতিষ্ঠা কৰে। নিজৰ জীৱনৰ উন্নতি পথত দেখা দিয়া সমস্যাবোৰ সমাধান কৰি অগ্ৰসৰ হ’ব পৰাতেই জীৱনৰ সাৰ্থকতা নিহিত থাকে। সমস্যাবিহীন জীৱনত লেশমানো কৃতকাৰ্যতাৰ পৰিতৃপ্তি নাথাকে। আনে বান্ধি থোৱা পকা ৰাস্তাৰে মটৰ গাড়ী দৌৰাই যোৱা জনতকৈ নিজে বান্ধি লোৱা কেঁচা ৰাস্তাৰে খোজ কাঢ়ি যোৱা জনৰ মানসিক পৰিতৃপ্তি নিশ্চয় বেছি। সেই কাৰণেই নিশ্চয় সংগ্ৰামৰ অন্য নাম জীৱন।

 গতিশীলতাই জীৱন আৰু স্থবিৰতাই মৃত্যু। কৰ্মহীন জীৱন মৃত্যুতুল্য। নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হ'লে সততে এটা নহয় এটা কামত ব্যস্ত হৈ থকা প্ৰয়োজন। সেই কামফেৰা পাৰ্যমানে জনহিতকৰ হ’লে তাৰ ফল এটা সময়ত সুদূৰপ্ৰসাৰী হয়। এলেহুৱা জীৱন কু-চিন্তাৰ ভঁৰাল। তেনেলোকৰ পৰা সমাজৰ প্ৰায়ে অন্যায় হোৱা দেখা যায়। গতিকে এলাহ পৰিহাৰ কৰি প্ৰত্যেক ব্যক্তিয়েই সজ কামত ব্যস্ত থকা ভাল।

 কিছুমান সৎ ব্যক্তিৰ সান্নিধ্যই সান্নিধ্য লাভ কৰা ব্যক্তি গৰাকীৰ পৰম উপকাৰ সাধন কৰে। সেইজনৰ চাল-চলন, কথা-বতৰা, আচৰণ আদি আনজনৰ কাৰণে প্ৰেৰণাদায়ক হয়। সেই কাৰণেই সমাজে সদায় প্ৰেৰণাদায়ক ব্যক্তিৰ