পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

লাভেশ্বৰী দাস
উলুবাৰী, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্য এম.এ., বি.টি.। গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। কৃতি শিক্ষক, এজন সু-কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰবন্ধকাৰ আৰু এজন নীৰৱ সমাজকৰ্মী, সকলো ফালে আগবঢ়া।

 ১৯৩৯ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখত উমেশ চন্দ্ৰ বৈশ্যৰ জন্ম হয় নলবাৰীৰ বালিলেছা গাঁৱত। পিতৃৰ নাম বন্তিম বৈশ্য আৰু মাতৃৰ নাম পবিত্ৰপ্ৰিয়া বৈশ্য।

উমেশ বৈশ্যৰ লগত মোৰ চিনাকী পৰ্বঃ
 এদিন হঠাৎ বৈশ্যদেৱ মইকাম কৰা বাপুজী প্ৰাথমিক বিদ্যালয়ত উপস্থিত। মই বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। তেখেত গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। তেখেতে এখন কাগজত নাম ঠিকনা সহ চকীদাৰণী বাইজনীৰ হাতত মোলৈ দি পঠালে। মই অফিচৰ কামত ব্যস্ত আছিলো। বিদ্যালয় ছুটীৰ পাছত মই অফিচৰ কাম কৰি শেষত ঘৰলৈ গৈছিলোঁ। বাইজনীয়ে কাগজখন দিয়াত মই পঢ়ি চাই তেখেতক অফিচ ৰূমত বহিব দিলোঁ। মোৰ লগত সহকাৰী শিক্ষয়িত্ৰী গীতা দেৱীও আছিল। অফিচৰ কাম সামৰি তেখেত অহাৰ কাৰণ সুধিলো। তেখেতে পুনৰ নমস্কাৰ জনাই হাঁহি মাৰি ক’লে, আপোনাৰ লগত চিনাকী হ’বৰ মোৰ বৰ ইচ্ছা হ’ল এই কাৰণে যে এইবাৰ আপোনাৰ বিদ্যালয়ৰ পৰা আমাৰ স্কুললৈ অহা ছাত্ৰীকেইগৰাকী বৰ ভাল, তাৰে দুজনী বৃত্তি পোৱা, সদায় সিহঁতে আপোনাৰ কথা কয়। অভিভাৱকেও ভালেই কয়। আগলৈও আমাৰ বিদ্যালয়লৈ ছাত্ৰী পঠিয়াব। বাইজনীক চাহ কৰিব দি একেলগে চাহ খাই সিদিনাৰ বাবে আমি আনন্দৰ মাজেদি ঘৰাঘৰি গ'লো।