পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

হাইস্কুল, বিষ্ণুৰাম মেধি হাইস্কুল আৰু পানীগাঁও মিলন হাইস্কুলতো শিক্ষকতা কৰিছিল। ১৯৬৫ চনত তেওঁ গুৱাহাটীৰ ডনবস্কো হাইস্কুল আৰু পিছত আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰিছিল।

 যেতিয়া আৰ্য্যবিদ্যাপীঠ স্কুল দুভাগ হৈ বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুল স্থাপিত হয় গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলত; তেতিয়া বৈশ্য ছাৰে ১৯৬৬ চনত এই স্কুলত শিক্ষকতা আৰম্ভ কৰে আৰু মৃত্যুৰ আগলৈ এই স্কুলৰেই শিক্ষক হিচাপে কাম কৰিছিল। আজি মই ছাৰক সুঁৱৰি এইটোৱেই কওঁ, প্ৰকৃতাৰ্থত গুণী-জ্ঞানী মানুহৰ কেতিয়াও মৃত্যু নহয়; তেওঁলোক অমৰ হৈ থাকে।●






(লেখিকা প্ৰয়াত উমেশ বৈশ্যৰ ছাত্ৰী আৰু এগৰাকী সমাজসেৱিকা।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)