সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

প্ৰয়াত উমেশ বৈশ্যৰ স্মৃতিত একাজলি অৰ্ঘ

ড° অসমী গগৈ

বিৰুবাৰী, গুৱাহাটী

 জন্মৰ লগে লগে নিৰ্দ্ধাৰণ হৈ যায় মানৱৰ মৃত্যুৰ ক্ষণ। পৃথিৱীত মানুহ আলহী মাথোন। কেৱল আলহী হিচাপে অহা এই যাত্ৰাত কোনোজনে দীঘলীয়া সময় আৰু কোনোজনে কম সময় অতিবাহিত কৰে এই পৃথিৱীত। মানুহৰ জীৱন যেন এখন নাটক। অভিনয় শেষ হলে পুনঃ আগৰ ৰূপত মানুহ সোমাই পৰাৰ দৰে মঞ্চৰূপী পৃথিৱীত আয়ুস শেষ হলে মানুহ পুনঃ নিজৰ স্থান পায়গৈ। অভিনয়ৰ সাজ-পোছাক সোলোকাই পেলোৱাৰ দৰে মানুহৰ আত্মাই পেলায় থৈ যায় মানৱৰ শৰীৰ। পৃথিৱী এখন মাথোন নাটঘৰ। অসমৰত্ন ড° ভূপেন হাজৰিকাৰ ভাষাত ‘ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ, কোনে কি ভাও ল’বা আহা সময় যে তাকৰ।’  নাটঘৰৰূপী পৃথিৱীত ভাওনা কৰি এনেদৰেই মানৱৰ দেহত্যাগ কৰি পহিলা আগষ্ট ১৯৯৮ তাৰিখে বিৰুবাৰী নিবাসী উমেশ বৈশ্যই গুচি গৈছিল। ৰাখি থৈ গৈছিল তেওঁৰ কৰ্মজীৱনৰ চানেকিসমূহ। পত্নী আৰু চাৰিটি পুত্ৰৰে তেওঁৰ সংসাৰখনত তেওঁ কৰ্তব্যসমূহ সম্পূৰ্ণ কৰিবলৈ নাপালে। জীৱন বাটত বাট বোলোতে আগডোখৰতে নেদেখাজনৰ আহ্বান শুনি সামৰিব লগা হ'ল তেওঁ জীৱন যাত্ৰা। ল’ৰাহঁতৰ দায়িত্ব পত্নীৰ ওপৰত অৰ্পণ কৰি বিশ্বনিয়ন্তাৰ আহ্বানত তেওঁ প্ৰায় ৫৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিব লগা হয়। কিন্তু জীৱন লীলাৰ সময়ছোৱাত প্ৰয়াত উমেশ বৈশ্যই কৰা কৰ্মৰাজীয়ে তেওঁক আজিও জীয়াই ৰাখিছে। তেওঁৰ সতীৰ্থ, বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্বৰ মাজত।

 বিৰুবাৰীৰ পাহাৰৰ দাঁতিত পত্নী-পুত্ৰৰে বসবাস কৰিবলৈ লোৱা বাণীকান্ত মেমোৰিয়েল ছোৱালী হাইস্কুল (সেই সময়ত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা নাছিল)ত শিক্ষকতা কৰা উমেশ বৈশ্যৰ সৈতে এগৰাকী প্ৰতিবেশী তথা একেই পেছাত থকাৰ বাবে আমাৰ দুয়োটা পৰিয়ালৰ লগত আছিল এক সু-সম্পৰ্ক। পিছলৈ অৰ্থাৎ ১৯৯১ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ