পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


স্মৃতিৰ টুকুৰা

অৰুণজ্যোতি বৈশ্য
বিৰুবাৰী, গুৱাহাটী

[১]

 এক পলায়নবাদী সুযোগৰ আশা কৰি পিতাৰ কোঠাটোৰ দুৱাৰৰ ফাঁকেৰে ভুমুকি মাৰি চালোঁ। শেতেলীৰ মূৰ শিতানৰ পিনে আউজি অইন দিনবোৰৰ দৰে সেইদিনাও কিবা লিখা-মেলা কৰি থকা দেখিলোঁ। আজিৰ চৰ্চাৰ বিষয়টো পিচে মোৰ জ্ঞাত নহয়। আজি বাৰু ভাল দিন নেকি মোৰ! সদায় ইংৰাজী ব্যাকৰণৰ কঠিন কঠিন বাক্য ৰচনা। মনতে ভাবিলোঁ... অসমীয়া মাধ্যমত পঢ়া ল’ৰা-ছোৱালীবোৰোনো বাৰু ইমানবোৰ ইংৰাজী শব্দৰ অধিকাৰী হ'ব পাৰেনে? আজি কাষলৈ নামাতিলেই হয়। টি.ভি. চোৱাৰ দুৰ্বাৰ হেপাহত সদায় আঘাত হানে ব্যাকৰণে।... শব্দকেইটা হাতুৰীৰে কোবোৱাৰ দৰে কাণত পৰিল, “বাবা, ইংৰাজী ব্যাকৰণখন লৈ আহা আৰু কাষত বহা।”

 ব্যাকৰণ শিকাই গৈছে, শিকি গৈছে। তাৰ মাজতে ৰাতিপুৱা স্কুলৰ চকিদাৰ বৃত্তিদাৰ হাতত পঠিয়াই দিয়া চিঠিখনৰ কথা মনলৈ আহিল। বৃত্তিদাৰ সৈতে আমাৰ ঘৰখনৰ এক ঘৰুৱা আত্মীয়তা। এখন খুউব চমু পত্ৰ “শ্ৰীমান বুলু, বাহক বৃত্তিৰ হাতত আলমীৰাৰ ভিতৰত থৈ দিয়া বিদ্যালয়ৰ নথিপত্ৰখিনি পঠিয়াই দিবা। ইতি পিতা”।

 বৃত্তিদাৰ সৈতে থকা আত্মীয়তাৰ মধ্যাকৰ্ষণ বলৰ সন্মুখত পিতাৰ চিঠিখনৰ মূল্যায়নৰ দোধোৰ-মোধোৰ অৱস্থা এতিয়াও অব্যাহত। “শ্ৰীমান বুলু” শব্দকেইটাই মনৰ ভিতৰতে গভীৰ ভাবে নিজকে অতি সন্মান আৰু মৰমৰ অধিকাৰী কৰি তুলিছে।

 বাক্য ৰচনা কৰি থকাৰ মাজতে স্বতঃস্ফূৰ্ত ভাবে কৈ উঠিলোঁ— বৃত্তিদাৰ হাতত চিঠিখন নিদিলেও হ’লহেঁতেন! তেওঁ দেখোন আমাৰ ঘৰৰ মানুহৰ দৰেই। নথিখিনি দিয়াত চিঠিখনৰ বিশেষ ভূমিকাৰ প্ৰয়োজনবোেধ নকৰিলোঁ