বসন্ত আহি প্ৰকৃতিৰ গা জোকাৰি দিয়াৰ দৰে আমাৰো দেহ-মনত যৌৱনে আহি আমনি কৰিবলৈ ধৰিছিল। বিশেষকৈ প্ৰেমৰ গল্প, উপন্যাস পঢ়া স্বভাৱটোৱে আমাকো প্ৰেমিক সজাবলৈ চেষ্টা কৰিছিল। অলৈ-তলৈ গৈ ইজন- সিজনৰ লগত চিনাকি হোৱা, বৈশ্যই গান গাই আপ্লুত কৰা, বিভিন্ন মঞ্চত মই কৰি অহা অভিনয় আদি বিভিন্ন সৰস সুখ্যাতিয়ে আমাৰ প্ৰতি মুগ্ধ কৰি তোলা প্ৰেমিকাৰ সন্ধান দিছিল। কলেজীয়া কালছোৱাৰ সময়খিনিত দুয়ো দুয়োৰে বাবে একোজনীকৈ প্ৰেমিকা গোটাই ল'বলৈ একো অসুবিধা হোৱা নাছিল। যৌৱনৰ নানা কল্পনা, উন্মাদনা, লাজ-সংকোচ আৰু ভয়ে তেতিয়া আমাৰ বৰকৈ আমনি কৰিছিল। যেতিয়া মোহনীয়া গাভৰুৰ সলাজ সঁহাৰি বুটলিবলৈ সক্ষম হলো তেতিয়া নিজৰ জীৱন যৌৱন সাৰ্থক হোৱা বুলি উপলব্ধি হ’ল আৰু আমিও যে প্ৰেম প্ৰবাহত উটি যোৱা একোজন সাৰ্থক নায়কৰ ভূমিকাত অৱতীৰ্ণ হ'ব পাৰো সেই বিষয়ে নিঃসন্দেহ হলো।
প্ৰেম জ্বৰত মোতকৈ সখা অধিক পীড়িত হৈছিল - যিবোৰ আমোদজনক ঘটনাৰ বৰ্ণনা নিষিদ্ধ বুলি বিবেচনা কৰি আগুৱাই যোৱাৰ পৰা বিৰত হ'লো। ঘৰুৱা শাসন, কাৰো কেতিয়াও অন্যায় নকৰাৰ বাসনা, নিজকে বুজি পোৱাৰ চাৰিত্ৰিক দৃঢ়তা আৰু ঈশ্বৰ বিশ্বাস, এই সকলোবোৰে তেনেকুৱা এটা ভয়ানক সন্ধিক্ষণত আমাক বিপথে চালিত কৰিবলৈ কোনোমতে সক্ষম নহ'ল। বৰং প্ৰণয়ৰ সেইমিঠা বতাহজাকে মোক গল্প লিখাত আৰু সখাক সংগীত সাধনাত মগ্ন কৰাত বেছি সহায়কহে হ’ল। এই কথা স্বীকাৰ কৰি মোৰ বিবাহৰ শুভ দিনৰ দিনা নানা উপাদেয় কথা বতৰাৰ মাজত তেওঁ মন্তব্য কৰিছিল যে নৈতিক চিন্তা আৰু সৎপথৰ প্ৰতি অগ্ৰসৰ হোৱাৰ প্ৰবল ধাউতিয়ে আমাক বহুবাৰ অধঃপতনৰ মুখৰ পৰা ৰক্ষা কৰিছে।
স্কুলীয়া কালৰ কিছুমান আমোদজনক স্মৃতি এতিয়াও মনৰ পৰা মচা যোৱা নাই। তাৰে এটি উল্লেখ কৰোঁ; এইটো ১৯৫৯ চনৰ গৰ্ডনৰ প্ৰবেশিকা পৰীক্ষাৰ্থীসকলৰ স্মৃতিগ্ৰন্থতো উল্লেখ কৰিছিলোঁ।
ক্লাছ টেনত আমাৰ স্কুলৰ আন্তঃফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন ক্লাছ নাইন আৰু ক্লাছ টেইনৰ দল দুটাৰ মাজত অনুষ্ঠিত হৈছিল। ফাইনেলত টেইন জিকিল। আমি কাপ জয় কৰিলোঁ। কাপ লৈ আনন্দত সকলোৱে আত্মহাৰা হৈ নাচি-বাগি জয়ধ্বনি কৰি বহু বাট ঘূৰিলোঁ। সন্ধিয়াৰ এন্ধাৰ নমাৰ লগে লগে কেপ্তেইনৰ হাতত কাপ গটাই দি সকলো ছাত্ৰ বন্ধু ঘৰাঘৰি গুছি গ'ল।