ধৈৰ্য্য বিনে আন মই
নেদেখো উপায় আৰু
আঁকি ল কল্পনাতে
সখিৰ মূৰতি;
তাকে চাই চাই তই
গুচাব লাগিব তোৰ
আছে যত ক্ষুধা তৃষ্ণা
অসীমৰ প্ৰতি।
এই ‘অসীমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়। প্ৰাচীন ভক্তিমূলক গীতৰ কথা এৰিলেও আধুনিক যুগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভালেমান গীতকে যুগপৎ মানবীয় আৰু আধ্যাত্মিক মিলন-বিৰহৰ অৰ্থত গ্ৰহণ কৰিব পাৰি। তুমি’ কাব্যত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অতি স্পষ্ট ৰূপত এনে দ্ব্যৰ্থবোধক প্ৰেমাকৰ্ষণৰ দৃষ্টান্ত আমাৰ সাহিত্যত দাঙি ধৰি গৈছে। বিয়েত্ৰিচৰ প্ৰতি ডান্টে আকৰ্ষণে গৈ অমৰ লোকত উপনীত হোৱাৰ উদাহৰণটো সৰ্বজন বিদিত দৃষ্টান্ত। উমেশ বৈশ্যৰ বয়সলৈ চালে অৱশ্যে (২৬ বছৰ) এই সকল মহৎ কবিৰ তুলনা অলপ আশ্চৰ্যজনক বোধ হ’ব। তথাপি তেওঁৰ উপলব্ধিটোত সন্দেহ কৰিবলগীয়া একো নাই। কাব্যখনিৰ শেষৰ পিনে তেওঁ এবাৰ আকস্মিক ভাৱে এই উপলব্ধিৰ প্ৰমাণ দিছে। তেওঁ উপলব্ধি কৰিছেগৈ যে “শুদ্ধ মনৰ অধিকাৰী” হ’ব পাৰিলে তেওঁৰ সখিয়ে তেওঁৰ সেই মনত থিত্ ল’ব— যেনেকৈ অম্বিকাগিৰীয়ে কামনা বাসনাৰ সিপাৰত থকা প্ৰেমৰ অধিকাৰী হৈ মনোৰথ পূৰ্ণ কৰিব পাৰিছিল। বৈশ্য কবিয়ে কলুষতা নাশ’ কৰাৰ একমাত্ৰ উপায় স্বৰূপে ‘সুৰৰ’ আশ্ৰয় ল’লে ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে কোৱা টান; সম্ভৱতঃ সংগীতসৃষ্ট ইন্দ্ৰজাল অপাৰ্থিৱ বস্তু কাৰণে তাৰ মাজত সোমাই পৰি এক অপাৰ্থিৱ জগতক আশ্ৰয় কৰাৰ কথাকে কৈছে। যি হওক, এনে ধৰণৰ কথা সদায়েই ৰহস্যময় হয়। শেষত কবিৰ দুখৰ ৰাতি পুৱাল। কাৰণ সেই সুৰৰ লগতে তেওঁৰ সখিও একাকাৰ হৈ গ'ল আৰু কবি নিজেও সখি বা সুৰ হৈ গ'ল। এয়ে মিলন। এই মিলন সাধাৰণ ডেকা-গাভৰুৰ মিলন নহয়। এক অপাৰ্থিৱ ভাৱ-জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে। নহ'লে বিৰহ-বেদনাত কষ্ট ভুগি