বৈশ্যই গাইছে--
বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছে
ছলেৰে অমানুহ শিখৰত বহিছে
অজ্ঞৰ আদেশত বিজ্ঞ চলিছে
অজ্ঞৰ দম্ভই ধ্বংস কৰিলে
জ্ঞানৰ পবিত্ৰ বিশালতা
শেষ হ’ল মানুহৰ মানৱতা।
সমাজ ধ্বংসৰ কাৰকৰ ৰূপত গজি উঠা অমানবিক শক্তিৰ পয়োভৰ বৃদ্ধিৰ ফালে চাই তেওঁ আতংকিত হৈছে আৰু সমাজক বচোৱাৰ বাবে ৰচিছে—
জ্ঞান বিজ্ঞান কলাকৃষ্টি
সাহিত্য সংগীত সংস্কৃতি
যত জীপ লৈ সাজি-কাচি উঠে জিলিকি
সেই সমাজ দুৰ্বৃত্ত গৰাহত আজি মৃত্যুমুখী
সেয়েহে মাতিছোঁ ধুমুহা পচোৱা বৰদৈচিলা
উৰুৱাই যতমানে আৱৰ্জনা
ৰুগ্ন সমাজ বচোৱা
নহ'লে নেবাচে কলুষ সমাজত
সুন্দৰ মানুহৰ সৎ ভাবনা।
দেশমাতৃৰ মুক্তিৰ বাবে চঞ্চল বৈশ্যই মুক্তি আন্দোলন গঢ়ি তোলাৰ বাবে মুক্তি যুঁজাৰুৰ ৰূপত ভয়হীন, শংকাহীন আৰু মৃত্যুভাৱনাহীন হ'বলৈ আহ্বান জনাই গাইছে—
দেশৰ নামত উচৰ্গি জীৱন
আহিছোঁ ওলাই
নাই কোনো ভয়
ভয়ক কৰিছো আমি জয়॥
কবি, শিল্পী, সাহিত্যিকসকলক সমাজৰ পৃষ্ঠপোষক বুলি উল্লেখ কৰি দেশখনক কলুষমুক্ত কৰিবলৈ তেওঁ গাইছে—
সমাজৰ হেৰ পৃষ্ঠপোষক
কবি শিল্পী মান্যবৰ