পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
৮৭
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


সংগীত গুৰুসকলৰ আজ্ঞা শিৰোধাৰ্য কৰি তেওঁ আজীৱন সংগীত সাধনা কৰি গ'ল। উদাত্ত স্বৰেৰে গীত গালে, তেওঁৰ শিষ্য-প্ৰশিষ্যকো গীত গোৱালে, শিকালে। তাৰ বাবে কাৰো প্ৰশংসা বিচৰা নাছিল, অৰিহনাও বিচৰা নাছিল।

 কবি, গীতিকাৰ দাদাৰ প্ৰাণত যে দেশাত্মবোধৰ প্ৰাবল্যতা প্ৰখৰ আছিল তাৰ স্বাক্ষৰ বহন কৰিছে তেওঁ ৰচনা কৰা বিভিন্ন কবিতা আৰু গীতসমূহে। এই বিষয়ে বিজ্ঞজনে ‘সুৰ বিচাৰি বাৰ বছৰ’ গ্ৰন্থত বিশ্লেষণ কৰিছে। জ্ঞানীবৰ, তুমি ওলাই আহা’ কবিতাটি এগৰাকী ভৱিষ্যৎদ্ৰষ্টা দূৰদৰ্শী কবিৰ স্বাক্ষৰ। সৌ তাহানি ১৯৭৯ চনতেই প্ৰকাশিত উক্ত কবিতাটি পঢ়ি এনে লাগে যেন বৰ্তমান অসমৰ ৰাজনৈতিক, সামাজিক পটভূমিৰ দুখলগা অৱস্থাবোৰ প্ৰত্যক্ষ কৰিহে এইমাত্ৰ লিখিলে।

 দাদা আছিল ভৱিষ্যৎদ্ৰষ্টা, দূৰদৰ্শী, সমাজ সচেতক দেশহিতৈষী পুৰুষ। ‘সুৰ বিচাৰি বাৰ বছৰ গ্ৰন্থৰ প্ৰতিটো প্ৰবন্ধতেই তেনে সূক্ষ্ম দৃষ্টিভংগী আৰু সমাজৰ প্ৰতিটো দিশৰ পৰ্যবেক্ষণসমৃদ্ধ ইতিবাচক চিন্তাধাৰা কঢ়িয়াই লৈ ফুৰিছে। ‘অন্তঃসাৰ শূন্য বৰ্তমান শিক্ষাজগত, বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভংগী’, ‘আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা’, ‘আমাৰ সংগীত কলাৰ বৰ্তমান অৱস্থা’ শীৰ্ষক প্ৰবন্ধসমূহ আজিৰ শিক্ষা ব্যৱস্থা, শিল্পীসমাজ, সাহিত্য-সংস্কৃতি আৰু সংগীত কলাৰ ক্ষেত্ৰত অত্যন্তই প্ৰাসংগিক। সুদূৰপ্ৰসাৰী চিন্তান্বেষী প্ৰবন্ধকাৰ দাদাই যেন তাহানিৰ তেওঁৰ বৰ্তমানটোৰ মাজৰ পৰা আজি একবিংশ শতিকাৰ বৰ্তমানটোলৈ দৃষ্টিপাত কৰিছিল।

 কৰ্মযোগী প্ৰয়াত উমেশ বৈশ্যৰ জীৱন পৰিক্ৰমাৰ বৰ্ণিল অধ্যায়সমূহৰ মাজত লিপিৱদ্ধ নহ’ল কোনো ৰাজহুৱা বা ৰজাঘৰীয়া খিতাপ। আনেও নাভাৱিলে; নিজেও নিবিচাৰিলে। মানুহৰ বাবে, সমাজৰ বাবে তেওঁ দিয়া নাই কি? অথচ সেইগৰাকী ব্যক্তিতকৈ বহুগুণে কম দক্ষ ব্যক্তিয়েও পিন্ধিছে ৰাইজ নাইবা ৰজাঘৰে প্ৰদান কৰা বহুৰঙী উপাধিৰ অলংকাৰ। অসমৰ সাহিত্য, কলা- সংস্কৃতি আৰু সংগীত মহাকাশৰ উজ্জ্বল তাৰকামণ্ডলত প্ৰয়াত উমেশ বৈশ্যৰ স্থান প্ৰাপ্তি নহ'ল কিয়? সেই সকলতকৈ কোনটো দিশত দুখীয়া আছিল তেওঁ? যদি নাছিল, তেওঁৰ জন্মদিন বা মৃত্যু তিথি ৰাজহুৱা নহ’ল কিয়? আচলতে তেওঁ বঞ্চিত। অন্যথাই শংকৰ, মাধব, জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকা সদৃশ নহ'লেও সংগীতসাধক লক্ষ্মীৰাম বৰুৱাসদৃশ হৈ অসম আৰু অসমীয়াৰ মাজত অমৰত্ব লভিলেহেঁতেন।