পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

তই যুক্তি যুদ্ধ কৰ
লিখক— উমেশ বৈশ্য
প্ৰকাশনত : জীৱন জ্যোতি সঙ্গীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬
১ম প্ৰকাশ : ১৫ ফেব্ৰুৱাৰী, ১৯৮০ চন
২ ফাগুন, ১৯০১ শক
বেটুপাত শিল্পী : নৱ/ৰাজেন
( গুৱাহাটী আৰ্টিষ্ট গীল্ড )
মূল্য : ১.২৫ টকা
লিখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত
 ছপা : সীমান্তিকা প্ৰিণ্টাৰ্ছ
 গুৱাহাটী-৩

উচৰ্গা

 বিদেশীৰ ষড়যন্ত্ৰমূলক হেঁচাত অসমৰ অস্তিত্ব আজি শেষ হওঁ হওঁ। মাতৃভূমিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ দেশবাসী উঠি পৰি লাগিছে। দেশ ৰক্ষাৰ সুদীৰ্ঘ আন্দোলন আজি অসমৰ চুকে কোণে বনজুই হৈ বিয়পিছে। এই জুই কেতিয়া নুমাই এতিয়াও ক'ব পৰা হোৱা নাই। আন্দোলনৰ এইয়া মধ্যাহ্ন পৰহে। জীৱন-মৰণৰ অবিৰাম যুদ্ধত প্ৰবৃত্ত হৈ এই মুহূৰ্তলৈ ৰণুৱাসকলে প্ৰাণ পৰ্য্যন্ত বলিদান দি যি বীৰত্বপূৰ্ণ সফল প্ৰত্যাহ্বান দেখুৱালে সি অসম তথা ভাৰতৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায় হৈ জিলিকি ৰ'ব। শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে যুঁজ দিবলৈ অসমী আইৰ সন্তানসকলে যি দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰিছে তাৰ তুলনা নাই। মৃত্যুক পণ কৰি ৰণাঙ্গনত ঠিয় হোৱা যুঁজাৰুসকলৰ সিৰাই সিৰাই যুদ্ধ জয়ৰ প্ৰেৰণা জগাই তোলাটো আজি প্ৰতিজন অসমীয়াৰ কৰ্তব্য হৈ পৰিছে। এনে এটি মহান কৰ্তব্যৰ কথা চিন্তা কৰোঁতেই মোৰ এই অকণমানি দেশপ্ৰেমমূলক কবিতাৰ পুথিখনি ৰূপ লৈ উঠিল।

 পুথিখনি মই অসমী আইৰ বীৰ সন্তানসকলৰ হাতত কিঞ্চিৎ প্ৰেৰণা দিয়াৰ আশাৰে ভাৱস্তিৰে তুলি দিলোঁ। ইতি—

সংগীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬
২৫ ফেব্ৰুৱাৰী, ১৯৮০
উমেশ বৈশ্য