পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

স্থানীয় সদাশয় ব্যক্তি শ্ৰীগজেন দাস আৰু শ্ৰীসুনন্দ দাসে। ৰিহাবাৰীৰে গঙ্গাৰাম কলিতায়ো অলপ কাঠ দান হিচাপে আগবঢ়াইছিল। পুনৰ গৃহ নিৰ্মাণ হৈ উঠাৰ পিছত সেই ঘৰ পোৰা বছৰতে নৱনিৰ্মিত ঘৰলৈ আৰ্য্য বিদ্যাপীঠ কলেজৰ পৰা আকৌ আমি উভতি আহোঁ।

 ১৯৭৪ চনত বিদ্যালয়খনৰ উচ্চ মাধ্যমিক শাখায়ো চৰকাৰী সাহায্যপ্ৰাপ্ত স্তৰলৈ উন্নীত হয়। এই স্তৰলৈ উন্নীত হোৱাৰ পিছত এম. ই. আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজৰ দৰমহা সংক্ৰান্তীয় সমস্যাৰ ওৰ পৰে।

 ১৯৭৪ চনত হিন্দী শিক্ষয়িত্ৰী হিচাপে সৰোজ প্ৰভা চৌধুৰী আহি বিদ্যালয়ত যোগদান কৰে।

 ১৯৭৬ চনত এম.ই. বিদ্যালয়ে স্বকীয় ভাবে প্ৰশাসনীয় দায়িত্ব ল’ব লাগে বুলি চৰকাৰী আদেশ আহিল। সেই আদেশ মৰ্মে উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাসনৰ পৰা এম.ই বিদ্যালয়ক মুক্ত কৰি দিয়া হল। দুয়োখন বিদ্যালয়ৰ কাৰ্যালয় বেলেগ বেলেগ হ’ল। এখন পাঠদান ৰুটিন দুখনত পৰিণত হ'ল। এম.ই. বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা ৰোহণী শৰ্মা স্বকীয়ভাৱে শাসনত অধিষ্ঠিত হ’ল।

 আমি একেটা জিৰণি কোঠাত বহি থাকিলো যদিও দুয়োখন বিদ্যালয় এইদৰে বিভক্ত হোৱাৰ পিছত অজানিতে কিবা এক অনুভূতিয়ে যেন আমাৰ মাজৰ প্ৰীতিৰ বান্ধোন ক্ৰমে শিথিল কৰি আনিলে। ইমান দিনৰ মিলনৰ মাজত কিবা যেন এটি অস্পষ্ট ফাঁটৰ সৃষ্টি হ’ল। তথাপিও আমি মিলিজুলিয়েই আগবাঢ়ি থাকিলোঁ।

 ১৯৭৭ চনত উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰদেশীকৃত স্তৰলৈ উন্নীত হ'ল। লগে লগে প্ৰদেশীকৰণ আইনমতে কাৰ্যকৰী কমিটিৰ ক্ষমতা কমি আহিল। আগৰ কাৰ্যকৰী কমিটি ভংগ হ’ল। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চতুৰ্থখন কাৰ্যকৰী কমিটিৰ সম্পাদিকা হ’ল আৰু সভানেত্ৰী হ’ল শ্ৰীযুতা হিৰণ ভূঞা। শিক্ষক-শিক্ষয়িত্ৰীসকল চৰকাৰৰ অধীনলৈ গ'ল।

 ১৯৭৯ চনত প্ৰসাদ দাসৰ আন এটা উল্লেখযোগ্য দান ৰূপায়িত হ’ল। সেইটো হ’ল বিদ্যালয়ৰ প্ৰবেশ তোৰণ। এই তোৰণখন প্ৰসাদ দাসৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰই পিতৃৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি পিতৃৰ নামেৰে নিৰ্মাণ কৰি দিয়ে।

 ১৯৮০ চনত বিদ্যালয়খন আন এক ধুমুহাৰ মাজত পতিত হয়। কাৰ্যালয়