পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

গীত গাবলৈ শিল্পীসকলক তেওঁ আহ্বান জনাইছিল—

“গােৱা শিল্পী আর্তৰ্জনৰ
 জীয়াই থকাৰ গান
গােৱা শিল্পী কণ্ঠ কপাই
 উদ্দীপনাৰ তান”

 অসম অসমীয়াৰ জন্মভূমি। জন্ম স্বত্ব অনুসৰি, প্ৰতিজন অসমীয়াৰে অসমভূমি পিতৃ ভেটি। কিন্তু অতি পৰিতাপৰ বিষয় নিজৰ জন্মভূমি অসমতে অসমীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰিব লগা হ'ল। সেয়া আছিল ১৯৮০ চন।

 বৈশ্যদেৱৰ দেশপ্রেমিক অন্তৰ ক্রোধাগ্নিত জ্বলি উঠিল। তীক্ষ্ণধাৰ কলমটি হাতত পুনৰ তুলি ল'লে। কবিতাৰ ধাৰ, লিখনিৰে বৈ আহিল। “অশান্ত জন্মভূমি” নামৰ কবিতা পুথিৰ সৃষ্টি হ’ল—

“শুনাে হাহাকাৰ চৌদিশে
অশান্ত জন্মভূমি,
সমাজ আকাশ ধোঁৱাময় আজি
জুই শিখা উঠে জ্বলি।।
অগনি জ্বলাই শান্তি ভূমিত
দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্রণা চাই
মিচিকি হাঁহিছেচোন”

আৰু

“হেৰা ছেগ বুজি বুজি নীতি সলােৱা
ভণ্ড যােগী জন,
ভাবিছা কিয় এই দেশখন
তােমাৰ পিতৃ ধন?”

 —বুলি মুখা পিন্ধা দেশপ্রেমিকহঁতক সাৱধান বাণীও শুনালে। উদাৰ চেতা, অতিথি পৰায়ণ হলেও এলেহুৱা বুলি অসমীয়া জাতিটোৰ এটা বদনামাে আছে। অতীজৰে পৰা পিতৃ ভেটি অসমতে বসবাস কৰি থকাৰ বাবে অলপ গর্বও নথকা নহয়। পিচে উদাৰচিতীয়া, অতিথিপৰায়ণতাৰ সুযােগ লৈ বহিৰাগত শত্ৰুৱে এসময়ত গােজেই গছ হৈ বহিল। শেষত নিজৰ জন্মভূমি