পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

তথাপি কবিৰ জীৱনলৈ বিচ্ছেদ আহিল (হয়তো প্ৰিয়া সৰগলৈ গুচি গ'ল)। গতিকে প্ৰিয়াৰ অবিহনে কবিয়ে বিৰহ'বেদনা লৈ প্ৰিয়াৰ সন্ধানত মন মেলি দিলে অসীমৰ বুকুলৈ— প্ৰকৃতি পাত পাত কৰিলে— বন বিহঙ্গক সুধিলে প্ৰিয়াৰ বাতৰি—

কোৱাহে বিহগী সৰগৰ দূত
প্ৰিয়া গল ক’ত উৰি?

 নিজৰাৰ পাৰ, শিলনিৰ বুকু, হাবি-বন, সাগৰ, আকাশ সকলোতে বিৰহ বেদনাত জৰ্জৰিত কবিয়ে মনৰ আকুল বেদনা লৈ প্ৰিয়াৰ সন্ধান কৰিলে, কিন্তু ‘কোনেওতো নকয় বাতৰি’।

 প্ৰিয়া বিৰহৰ বেদনা কবিয়ে উপশম ঘটাবলৈ বিচাৰিছে ধৈৰ্যৰ মাজেদি, জীৱন বীণৰ বিভিন্ন সুৰৰ মাজেদি অসীমৰ পৰশ লগা প্ৰেমৰ মোহনীয় ৰূপ দেখা পালে। কবিয়ে ‘সুৰৰ দুৱাৰ মেলি’ মন পোহৰাই পেলালে—মনৰ কলুষ আন্ধাৰ সকলো আঁতৰি গ'ল। অসীমৰ বুকুত সাতোটি সুৰৰ সঙ্গীতৰ ধ্বনিৰ মাজত কবিৰ সাধনা সিদ্ধি হ’ল— সসীমৰ মাজেদি আৰম্ভ কৰা প্ৰেমৰ পৰিতৃপ্তি ঘটিল অসীমৰ মাজত। পৰাণত জ্বলা বিৰহৰ জুই নুমাল।

 নবীন কবিৰ মিলন কাব্যখন পঢ়িলে অনুমান হয় যে কবিৰ মনৰ ওপৰত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘তুমি’ কাব্যৰ প্ৰভাৱ পৰিছে। ভাৰতীয় দৰ্শনত বিশ্বাসী বিভিন্ন প্ৰথিতযশা কবিয়ে প্ৰেমৰ ক্ষেত্ৰত অসীমৰ সম্বাদ যি ধৰণেৰে পোষণ কৰিছে, কবি বৈশ্যইও তাকেই পোষণ কৰিবলৈ চেষ্টা কৰিছে। মাজে মাজে খায়ামী সুৰৰ প্ৰতিধ্বনিত হৈছে (তুমি আৰু মই বেলেগ নহয়..... মিলনৰ ঠাই প্ৰণয় সাগৰে)।

বীৰেন বৰকটকী

(নাহেন্দ্ৰ পাদুন সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকাতে প্ৰকাশিত, প্ৰথম সংখ্যা, ১৯৮১ চন।)