সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


 তোমাৰ বন্ধু কিমানজন আছে? আছে পিতা। গোটেই কেইজন ভালেই বন্ধু। “উত্তম বন্ধু কোন?” পিতাৰ প্ৰশ্নবোৰৰ কাৰণ বুজি পোৱা নাই। তথাপিও উত্তৰ দিলোঁ; নয়ন, দিগন্ত, জয়ন্ত, নৱ আৰু দুই এজন আছে পিতা। পিতাই কোঠালীটোৰ কিতাপৰ আলমিৰাটোলৈ কিছু সময় চাই ৰ'ল। এইবাৰ আকৌ এটা প্ৰশ্ন “আলমিৰাটোত কিমানখন কিতাপ আছে?” “নাজানো... হ’ব চাগৈ এশখনমান” মই উত্তৰ দিলো। “মই নাথাকিলে আলমিৰাটো চাবা। কোনো বন্ধু উত্তম নহয়। কিতাপ সৰ্বোত্তম। সদায় পঢ়িবা, এটা হলেও কথা শিকিবা।”... “এডমিচন লোৱাৰ দিনা তোমাৰ লগত উত্তম বন্ধু থকাৰ পিছতো H.S.L.C. ৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন হেৰুৱাব নালাগিছিল।” এইবাৰ বুজিব পাৰিলোঁ পিতাৰ কথাখিনিৰ উৎস কি? আৰু দুদিন আগত বি. বৰুৱা কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি বন্ধুবৰ দিগন্তৰ সৈতে কলেজৰ পৰা ওভতাৰ পথত মোৰ লগত নিয়া নথিপত্ৰখিনি পুনৰবাৰ চাওতে ৰেজিষ্ট্ৰেচন কাৰ্ডখন নোহোৱা হোৱাত ঘৰত দিয়া উচ্চস্তৰৰ বকনিত পিতাৰ কঁপি উঠা গাটো মনলৈ আহিল। ‘ইয়াক ফাঁচি দিব লাগে’ বকনি সমূহৰ ভিতৰত এক অন্যতম। হয়তো এনেকুৱা বকনি কোনো পিতৃয়ে কোনো সন্তানক দিয়া নজিৰ কমেই ওলাব। এনেতে পিতাৰ মাতত সম্বিত ঘূৰিল। আলমিৰাত পাঁচশ খনতকৈ বেছি কিতাপ আছে, এইবোৰ মোৰ বন্ধু। মনত ৰাখিবা। যিমানে পঢ়িবা, সিমানে সীমিত বন্ধু হ'ব। ভাল বন্ধু হ’ব। বেয়া মানুহে শিক্ষিত মানুহৰ লগত বন্ধুত্ব কৰিবলৈ টান পায়।”


[ ৪ ]

 পিতা G.M.C. হাস্পাতালত চিকিৎসাধীন। কাষৰ বিচনাখনত জনৈক ৰোগী। পিতাৰ তুলনাত আপেক্ষিক ভাবে বহুখিনি সুস্থ। উঠি ফুৰিব পাৰে। কথা পাতিবও পাৰে। প্ৰায়ে তেওঁক অন্য ৰোগীসকলৰ সৈতে কথা পাতি থকা পৰিলক্ষিত হয়। আজিও তেওঁ খৱৰ কাকতখন লৈ মোক মাতিছে। বুজিব বাকী নাথাকিল। অইন দিনবোৰৰ দৰে খৱৰ কাকতখন তেওঁক পঢ়ুৱাই শুনাব লাগিব। কি এক বিৰক্তিদায়ক কাম, আৰু বিৰক্তিদায়ক মানুহ। মনৰ বিৰুদ্ধেও হাতত কাকতখন লওঁ। আজিও একেৰাহে আধাঘণ্টা পঢ়ি থাকিব লাগিব। অনিচ্ছাৰে ৰসবিহীনভাৱে কাকতখন পঢ়ি দুটা পৃষ্ঠা শেষ হোৱালৈ অণ্ঠ-কণ্ঠ শুকাই যোৱা অৱস্থা মোৰ। পঢ়া শেষ হোৱাত পিতাৰ মাতত ঘূৰি চাই দেখিলোঁ মানুহজন অলপ বেলেগ হৈ আছে। “বাবা কাষলৈ আহাচোন। ৰাস্তাৰ কাষত