তেওঁৰ এই সংগীতৰ শিক্ষা উত্তৰ পুৰুষলৈ আগবঢ়াই দিয়াৰ ব্যাপক কাৰ্যসূচী
হাতত লৈছিল। বন্ধুবৰ উমেশ চন্দ্ৰ বৈশ্যৰ মাজত ৰাগ সংগীতৰ যি প্ৰতিভা
বিকশিত হৈ উঠিছিল সেই প্ৰতিভাৰ কিয়দংশ কিজানি তেওঁ জন্মৰ উত্তৰাধিকাৰ
সূত্ৰে পাইছিল। এই ভাব মোৰ নিজস্ব। বিষয়টো উল্লেখ কৰি আমি কিছু সুখী
হ’ব বিচাৰিছো এই বুলিয়েই যে তেওঁ আছিল অসমৰ অন্যতম বিখ্যাত মঞ্চশিল্পী,
নাট্য সংগঠক, সুকণ্ঠৰ অধিকাৰী, যি গৰাকীয়ে এসময়ত অসমৰ গাঁৱে-ভূঞে,
চহৰেনগৰে, চুকে-কোণে নাট মেলি ৰাইজক চমক খুৱাইছিল, হাজাৰ জনৰ
প্ৰশংসাৰ মুকুতা বুটলিছিল, সুৰৰ হাত বেহাইছিল সেইগৰাকী প্ৰতিভাৰ প্ৰবাদ
শিল্পী সূৰ্য্য বৈশ্যৰ তেওঁ আছিল নিজ ভাগিন। মাতুল গোষ্ঠীৰ প্ৰতিভাৰ কিছু
পোহৰে ভাগিন উমেশ চন্দ্ৰ বৈশ্যকো নিশ্চয় উজ্জীৱিত কৰি তুলিছিল। উত্তৰসুৰী
প্ৰতিভাৰ অধিকাৰী উমেশ বৈশ্যই সংগীতৰ গতিশীল প্ৰবাহৰ ধাৰাটো বোৱাই
নিয়াৰ বাবে গুৱাহাটীত কেইবাটাও সংগীত অনুষ্ঠান স্থাপন কৰিছিল। গুৱাহাটীৰ
মাধৱপুৰৰ ‘গন্ধৰ্ব সংগীত বিদ্যালয়’, কালাপাহাৰৰ ‘অসম মিউজিক কলেজ’ত
শিক্ষাদান কৰাৰ উপৰিও বিৰুবাৰীৰ নিজ বাসগৃহত ‘জীৱনজ্যোতি সংগীত
আশ্ৰম’ স্থাপন কৰি সংগীত চৰ্চাৰ দিশ ব্যাপক আৰু যথেষ্ট বিস্তৃত কৰি
তুলিছিল।
অগ্ৰজ প্ৰতীম বন্ধু উমেশ চন্দ্ৰ বৈশ্য অকল সংগীত প্ৰেমীয়েই নাছিল, তেওঁ সাহিত্য কলাৰৰ উপাসক আছিল। জীৱনক সুন্দৰ ৰূপত সজাবলৈ, জগতখনক নিৰ্মোহ দৃষ্টিৰে চাবলৈ, মহাপ্ৰকৃতিৰ নিত্য নতুন ৰূপ অনুধাৱন কৰি আত্মিক পৰিতৃপ্তি লভিবলৈ তেওঁ সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ কলমৰ পৰা নিগৰি ওলাইছিল ‘অশান্ত জন্মভূমি’ (১৯৭৯), মিলন’ (১৯৮০), ‘প্ৰগতিৰ গান’, ‘গীতছন্দ’ আদি কবিতা আৰু গীতৰ প্ৰবাহ। ইয়াৰ বাহিৰেও ৰচনা মালিকা (১৯৭৭), তই যুদ্ধ কৰ (১৯৮০), বৰ্তমান সমাজ সংস্কাৰৰ এটি উপায়, উচ্চ মাধ্যমিক অংক সহায়িকা, Higher Secondary English Grammar আদিয়ে তেওঁৰ সমৃদ্ধ চিন্তাৰ স্বাক্ষৰ বহন কৰিছে।
তেওঁ আদৰ্শ স্বামী আৰু পিতৃ হিচাবে চাৰিটি ল’ৰা সন্তানক উপযুক্ত শিক্ষাৰে স্বাৱলম্বী কৰি গঢ়ি তুলিছে। ইতিবাচক মনোভাব (Positive atti- tude) আৰু আশাবাদে (Optimism) তেওঁক জীৱনৰ সমুচিত গন্তব্যস্থলত উপনীত হোৱাত পৰ্যাপ্ত সহায়ক হৈছে, ই ধুৰূপ। শিৱ খেৰাই (Shiv Khera) তেখেতৰ 'You can Win' নামৰ পুথিত লিখিছে- "A person with a