পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বিষয় শিক্ষক শ্রীবিদ্যুৎজ্যোতি ভৰালী আৰু অসমীয়া বিষয় শিক্ষয়িত্ৰী শ্ৰীৰিণা বৰা আহি বিদ্যালয়ত যােগদান কৰে। ১৯৯১ চনতে মঃ আটাউৰ ৰহমানে উচ্চবর্গৰ কার্যালয় সহায়ক পদলৈ পদোন্নতি লাভ কৰে আৰু শ্ৰীঅঞ্চলা কটকী দাস নিম্নবর্গৰ কার্যালয় সহায়িকা পদত নিযুক্ত হয়।

 ১৯৯২ চনত বিদ্যালয়ৰে জ্যেষ্ঠতম শিক্ষক শ্রীউমেশ বৈশ্যই অসমীয়া বিষয় শিক্ষক হিচাপে পদোন্নতি লাভ কৰি বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যােগদান কৰে। ১৯৯২ চনতে বিদ্যালয়ৰ দ্বিতীয় জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীপুষ্প দাসে শিক্ষা বিষয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে পদোন্নতি লাভ কৰি বিদ্যালয়ত বিষয় শিক্ষয়িত্ৰী হিচাপে যােগদান কৰে।

 উচ্চ মাধ্যমিক শাখাৰ শ্ৰীউমেশ বৈশ্য আৰু শ্রীপুষ্প দাসৰ পদোন্নতিত খালী হােৱা ঠাইত যথাক্রমে শ্রীজোনালী দাস আৰু শ্ৰীপাৰুল ৰয় শইকীয়া আহি ১৯৯২ চনত যােগদান কৰে। ১৯৯২ চনত আন দুগৰাকী বিষয় শিক্ষয়িত্রী বিদ্যালয়লৈ আহে। তেখেতসকল হ’ল বুৰঞ্জী বিষয় শিক্ষয়িত্ৰী শ্ৰীস্মৃতিৰেখা বৰঠাকুল আৰু অর্থনীতি বিষয় শিক্ষয়িত্ৰী শ্ৰীঅনিতা বুঢ়াগোঁহাই। ১৯৯২ চনতে উচ্চ মাধ্যমিক শাখালৈ আহে শ্রীমামনি ডেকা কলিতা।

 ১৯৯৩ চনৰ প্রথমার্ধত বিদ্যালয়লৈ আহে শ্ৰীমতী দৰদী বৰগোঁহাই, শ্ৰীমতী গীতুৰাণী দাস আৰু শ্ৰীমতী নিবেদিতা ভট্টাচার্য্য। বিদ্যালয়ৰ ইতিহাসৰ আন এক স্মৰণীয় অধ্যায়ৰ সূচনা হয় ১৯৯৩ চনৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত। সেই অমঙ্গলীয়া তাৰিখটো আছিল ৬/১২/৯৩। উপযুক্ত অহর্তাসম্পন্ন নিয়মানুসৰি Schoolwise নিযুক্তি পাবলগীয়া ৰাজ্যিক বাছনি পৰিষদৰদ্বাৰা নির্বাচিত উপাধ্যক্ষ পদৰ প্রার্থী বিদ্যালয়ৰে জ্যেষ্ঠতম শিক্ষক শ্রীউমেশ বৈশ্য সাক্ষাৎ জীৱন্ত থাকোতেই পৰিকল্পিত দুর্নীতিৰে কৰ্তৃপক্ষই গুৱাহাটীৰ ভাস্কৰ বিদ্যাপীঠৰ শিক্ষক শ্রীনগেন মজুমদাৰক বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষ পদত নিযুক্তি দিয়ে। শ্ৰীযুত মজুমদাৰে ৬/১২/৯৩ তাৰিখে বিদ্যালয়লৈ যােগদান কৰিবলৈ আহে। ইয়াক কেন্দ্র কৰিয়েই সংঘটিত হয় এক প্রচণ্ড ৰণ। এক ধর্ম যুদ্ধ। ৰণৰ দুইপক্ষৰ এফালে উমেশ বৈশ্য আনফালে নগেন মজুমদাৰ। নীতিগতভাৱেই নগেন মজুমদাৰক যােগদান কৰিবলৈ নিদি উমেশ বৈশ্যৰ পক্ষত বিদ্যালয়ৰ অধ্যক্ষাই প্রত্যক্ষভাৱে আৰু শিক্ষক কর্মচাৰীসকলৰ মুষ্টিমেয় কেইগৰাকীমানে পৰােক্ষভাৱে ঠিয় হ’ল আৰু আন পক্ষত প্রচণ্ড শক্তিশালী কর্তৃপক্ষ তথা চৰকাৰ প্রত্যক্ষভাৱে