সমালোচনাত্মক দৃষ্টিভংগী আৰু সংশ্লিষ্ট ব্যক্তি দুগৰাকীৰ মহত্ত্ব আৰু গৰিমা
নান্দনিক ৰূপত পৰিস্ফুটিত হৈছে। প্ৰবন্ধ দুটাই মৌলিকতা দাবী কৰিব পাৰে।
শাস্ত্ৰীয় সংগীত আৰু অসম’, ‘সুৰ বিচাৰি বাৰ বছৰ’, বৰ্তমান শিক্ষা জগত’, ‘বেজবৰুৱাৰ হাস্য ৰস’, ‘শিক্ষাত শিল্পৰ স্থান’ আদি সংকলনখনৰ আন আন প্ৰবন্ধ, প্ৰয়াত বৈশ্যৰ পৰ্যবেক্ষণশীলতা, মননশীলতা, বিচাৰশীলতা আৰু অন্তৰ্মুখিতাৰে সমৃদ্ধ। প্ৰতিটো প্ৰবন্ধই তেওঁৰ বিষয় বোধ, অধ্যয়নৰ বিস্তৃতি- গভীৰতা আৰু অভিজ্ঞতাৰ নিদৰ্শন দাঙি ধৰে। সংকলনটোৰ ‘বাটচ’ৰা’ত অন্যতম সম্পাদক-সংকলক নীলোৎপল শৰ্মাই পুথিখনৰ অন্তৰ্ভুক্ত প্ৰবন্ধসমূহৰ বিষয়ে আগবঢ়োৱা আলোচনা চমু হলেও তাৎপৰ্যপূৰ্ণ। পুথিখনৰ শেষৰ ফালে ‘চকুৰ পচাৰতে প্ৰয়াত উমেশ বৈশ্যৰ জীৱনটো’ শীৰ্ষক লেখাটোৱে ইয়াৰ মূল্য বৃদ্ধি কৰিছে।
হাইস্কুলীয়া ছাত্ৰাৱস্থাৰে পৰা সহপাঠী উমেশ বৈশ্য আছিল সংগীত শিল্পৰ প্ৰতি একান্ত অনুৰাগী। শ্ৰেণীকোঠাত, ডেক্সখনকে তবলা হিচাপে ব্যৱহাৰ কৰি আপোনমনে তেওঁ গোৱা ৰাগ-সংগীতৰ সুৰ আজিও অতি সংগোপনে মোৰ কৰ্ণকুহৰত ধ্বনিত হয়। লগে লগে মনটোৱে উভতি উৰা মাৰে গৰ্ডন স্কুলত পঢ়া দিনবোৰলৈ—উমেশ বৈশ্যৰ সান্নিধ্যত কটোৱা দিনবোৰলৈ।
উমেশ বৈশ্যৰ সংগীতৰ প্ৰতি আকৰ্ষণ-অনুৰাগ ইমানেই প্ৰবল আছিল যে নৱম শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতেই (খ্ৰী. ১৯৫৮ চন) তেওঁ নলবাৰীৰ বিশিষ্ট সংগীতজ্ঞ প্ৰয়াত চৈয়দ জমিৰুদ্দিন আহমেদে নলবাৰী দেবীৰাম হাইস্কুলৰ কোঠা এটিত আৰম্ভ কৰা ‘গীতশ্ৰী সংগীত বিদ্যালয়’ত নাম ভৰ্তি কৰি সংগীতৰ পাঠ গ্ৰহণ আৰম্ভ কৰিছিল। পৰৱৰ্তী কালত তেওঁ গুৱাহাটীৰ দুগৰাকী প্ৰৱীণ সংগীতজ্ঞ সুধীৰ চন্দ্ৰ চৌধুৰী আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওচৰতত সংগীত শিক্ষা গ্ৰহণ কৰা কথা জানো। বৈশ্যই লক্ষ্ণৌৰ ভাটখাণ্ডে মহাবিদ্যালয়ৰপৰা সংগীতৰ প্ৰথমা আৰু মধ্যমা পৰীক্ষাত সমুত্তীৰ্ণ হৈ বিশাৰদ পৰীক্ষাৰ বাবেও সাজু হৈছিল বুলি জানিছিলোঁ। তেওঁ নিজৰ ঘৰতে সংগীত বিদ্যালয় স্থাপন কৰাৰ বাহিৰেও, সংগীত মহাবিদ্যালয়ত সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। সঁচাকৈয়ে, বৈশ্যৰ সংগীত সাধনাৰ ঐকান্তিকতা দেখি মই তবধ মানিছিলোঁ। কোৱা বাহুল্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ অসমীয়া বিভাগৰ অধ্যাপক, আমাৰ পৰম পূজনীয় শিক্ষাগুৰু ড° গোলোক চন্দ্ৰ গোস্বামী ছাৰকো প্ৰয়াত বৈশ্যই গীতৰ সুৰেৰে মুগ্ধ কৰিছিল।