(প্ৰয়াত উমেশ বৈশ্যই বসন্ত ভট্টলৈ লিখা চিঠি)
মৰম আৰু শ্ৰদ্ধাৰ শ্ৰীযুত ভট্ট,
নমস্কাৰ ল'ব। মোৰ শৰীৰ বৰ ভাল নহয়। কোনোমতে জীয়াই আছো। কিডনীৰ অসুখৰ বাবে খোৱা বস্তুৰ প্ৰোটিন আদি গাত নাথাকে। সেয়েহে অতি
দুৰ্বল।
যুগল বৰ্মন আৰু মাধৱ ডেকাৰ চিঠিখন পালোঁ। নৃপেন চৌধুৰীলৈ
বেয়া লাগিছে। আমি সকলোৱে সাধ্য অনুসৰি চৌধুৰীক সহায় কৰিব লাগে।
তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।
মই চৌধুৰীলৈ চিকিৎসা সাহায্যাৰ্থে ৫০০.০০ টকা আপোনাৰ নামত
মণিঅৰ্ডাৰ কৰি পঠালো। টকাখিনি খালাচ কৰি যথাস্থানত দিব বুলি আশা
কৰিলোঁ।
আপোনালৈ মই আজি কিছুদিন আগতে এখন চিঠি দিছিলোঁ। পাইছে
নিশ্চয়। আপোনাৰ পৰা উত্তৰ নাপালো যদিও পৰোক্ষভাৱে শ্ৰীযুতা যামিনী
লক্ষ্মীৰ উক্তিৰ মাজেদি প্ৰয়োজনীয় খবৰ পাইছো।
মননশীল চিন্তাবোৰৰ ৰূপায়নত আপুনি হয়তো ব্যস্ত হৈ আছে। কলম
নেৰিব। আজিলৈ ইমানেই।
ইতি–
আপোনালোকৰ বিশ্বাসী
শ্ৰীউমেশ বৈশ্য
বিঃদ্ৰঃ- আপোনাৰ খামতে মাধৱ ডেকা
আৰু যুগল বৰ্মনৰ নামত চিঠি এখন
পঠালো। আশাকৰো তেওঁলোকক দিয়াৰ
ব্যৱস্থা কৰিব।